গোৱালপাৰা, 23 অক্টোবৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী (Diwali 2022) ৷ আহি আছে ষ্ট পূজাও ৷ দীপাৱলী আৰু ষট পূজাৰ আগমুহুৰ্তত অসম আৰু মেঘালয়ৰ কলেৰে ভৰি পৰিছে গোৱালপাৰাৰ দৰংগিৰিত থকা এছিয়াৰ বিখ্যাত কলৰ বজাৰ ৷
দীপাৱলী আৰু ষট পূজাৰ আগমুহুৰ্তত এইবাৰো যেন মেলা সদৃশ পৰিৱেশ দৰংগিৰিৰ কলৰ বজাৰখনত ৷ এইবেলিও বিভিন্ন প্ৰজাতিৰ কলেৰে পৰিপূৰ্ণ হৈ পৰিছে এছিয়াৰ সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰ (Daranggiri largest banana market) ৷ কি চেনিচম্পা, কি মালভোগ অথবা কি চাহেব সকলো প্ৰকাৰৰ কল যেন উভৈনদী দৰংগিৰি বজাৰত ৷ বজাৰ খনৰ পৰা অসমৰ কল এতিয়া ট্ৰাকে ট্ৰাকে ৰপ্তানি হৈছে বহিঃৰাজ্যৰ লগতে বহিঃদেশলৈও (Largest banana market of Asia) ৷
এইবেলিও দেশী- বিদেশী ব্যৱসায়ীৰে ভৰি পৰিছে দৰংগিৰিৰ কলৰ বজাৰ (Darangiri Asias largest banana market) ৷ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটানকে ধৰি বহিঃৰাজ্যৰ বিহাৰ, পশ্চিমবংগ, ঝাৰখাণ্ড, উৰিষ্যা আদি কেইবাখনো ৰাজ্যলৈ ৰপ্তানি হৈছে কল ৷ ব্যৱসায়ীসকলক বিনামূলীয়াকৈ থকাৰো সু-ব্যৱস্থা কৰি দিছে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে ৷
প্ৰতিবছৰে দীপাৱলী আৰু ষট পূজাৰ প্ৰাকক্ষণত কলৰে ভৰি পৰে বজাৰখন ৷ গোৱালপাৰাৰ লগতে নিকটৱৰ্তী কামৰূপ জিলা আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বজাৰখনলৈ আহে ট্ৰাকে ট্ৰাকে কল ৷ অৱশ্যে অন্য বছৰৰ তুলনাত এইবাৰ কলৰ মূল্য হ্ৰাস পাইছে বজাৰখনত ৷ কাৰণ অধিক উৎপাদনৰ বিপৰীতে এইবেলি ব্যৱসায়ীৰ সংখ্যা কম হেতুকে পূৰ্বৰ তুলনাত ক’লৰ মূল্য হ্ৰাস পোৱা বুলি জনাইছে পৰিচালনা সমিতিয়ে ৷