ভগ্ন দলঙেৰে বিপদসংকুল যাত্ৰা জলেশ্বৰবাসীৰ
ত্ৰিশ বছৰে ভগ্ন দলঙেৰে বিপদসংকুল যাত্ৰা জলেশ্বৰবাসীৰ ৷ কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ
পশ্চিম গোৱালপাৰা, 29 জুলাইঃ বিগত ত্ৰিশটা বছৰে এখন ভয়ঙ্কৰ দলঙেৰে যাত্ৰা কৰিব লগা হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ আইৰকাটা আৰু খলিচাভিটা অঞ্চলবাসী জন-সাধাৰণে ৷ বহি:জগতৰ লগত যোগাযোগৰ একমাত্ৰ পথটোৰ সাতশিয়া খামাৰত থকা, জহি খহি যোৱা কাঠৰ দলঙখনে জ্বলা কলা খুৱাইছে স্থানীয় ৰাইজক ৷ বাৰিষা আহিলেই পাঁচ দহ টকা দি নাৱেৰে নদী পাৰ হ'ব লগা হয় অঞ্চলবাসী ৷ এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই স্থানীয় বিধায়ক ছাহাব উদ্দিন আহমেদ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ উন্নয়নে স্পৰ্শ কৰিব নোৱাৰা এই অঞ্চলৰ জনসাধাৰণে অতিবাহিত কৰিব লগা হৈছে বিপদসংকুল জীৱন ৷