অসম

assam

ETV Bharat / state

বিদ্যুৎ সংযোগৰ নামত পশ্চিম গোৱালপাৰাত লুন্ঠন

পশ্চিম গোৱালপাৰাত শক্তি বিভাগৰ ঠিকাদাৰৰ লুণ্ঠন । কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি দীনদয়াল উপাধ্যায় জীৱন জ্যোতি আঁচনিৰ বিদ্যুৎ সংস্থাপনৰ নামত হাজাৰ হাজাৰ টকাৰ উৎকোচৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷

বিদ্যুৎ সংযোগৰ নামত পশ্চিম গোৱালপাৰাত লুন্ঠন

By

Published : Jul 3, 2019, 7:42 PM IST

পশ্চিম গোৱালপাৰা, ৩জুনঃ পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ বৈদ্যুতিক সংমণ্ডলৰ অধীনৰ ছাটাবাৰী দ্বিতীয় খণ্ডৰ দুখনকৈ গাঁও ৰাংছিপাৰা আৰু জংচিপাৰাত বিদ্যুৎ সংযোগৰ নামত ব্যাপক দুৰ্নীতি । দুয়োখন গাঁৱত বিদ্যুৎ সংযোগৰ বাবে বিভাগীয় ঠিকাদাৰে স্থানীয় ৰাইজৰ পৰা অবৈধ ভাবে সংগ্ৰহ কৰিলে ধন । BRVP নামৰ কোম্পানীটোৱে কাম সম্পন্ন কৰাৰ বাবে ঠিকাদাৰ নিয়োগ কৰিছিল লক্ষীপুৰৰ জহিৰুল ইছলামক ৷ জহিৰুলে গাঁৱৰ ৰাইজৰ পৰা বিদ্যুৎ সংযোগ নামত 20 হাজাৰ কৈ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰাইজৰ অভিযোগ বৈদ্যুতিক খুঁটা সমূহো ৰাইজৰ হতুৱাই স্থাপন কৰালে ঠিকাদাৰে। বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ সংযোগ স্থাপন কৰিয়েই ঠিকাদাৰে দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় বাসিন্দাৰ । ঠিকাদাৰৰ এনে কৰ্ম কাণ্ডত অতিষ্ঠ হৈ বুধবাৰে স্থানীয় ৰাইজে আশ্ৰয় ললে সংবাদ মাধ্যমৰ ।সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজে উচিত তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে উচিত পদক্ষেপ লবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৷

বিদ্যুৎ সংযোগৰ নামত পশ্চিম গোৱালপাৰাত লুন্ঠন

ABOUT THE AUTHOR

...view details