গোৱালপাৰা,22 মে': অসম চৰকাৰৰ কৃষি বিভাগে কোটি কোটি টকা খৰছ কৰি কৃষকক বিতৰণৰ বাবে যোগান ধৰিছিল সৰিয়হৰ বীজ আৰু জৈৱিক সাৰ। কিন্তু লক্ষীপুৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ে মাহৰ পিচত মাহ যোৱাৰ পিচতো যোগান নধৰিলে সাৰ আৰু বীজ ৷ ফলত বস্তাই বস্তাই পচিবলৈ লৈছে চৰকাৰে যোগান ধৰা সামগ্ৰীসমূহ। উল্লেখ্য যে, কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাতে লাগি থকা জহি খহি যোৱা গৃহত জমা কৰি ৰাখিছে বিতৰণৰ বাবে দিয়া জৈৱিক সাৰসমূহ। পিচে বাৰিষা অহাৰ সময়ত সাৰখিনি যে নষ্ট হৈ যাব সেয়া একপ্ৰকাৰ নিশ্চিত।
কৃষি বিষয়াৰ কাণ্ডজ্ঞানহীনতাঃ বস্তাই বস্তাই পৰি ৰ'ল বীজ আৰু সাৰ
পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰস্থিত কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বস্তাই বস্তাই পৰি ৰৈছে কৃষকৰ বাবে অনা সৰিয়হৰ বীজ,জৈৱিক সাৰ । সম্প্ৰতি ধ্বংসৰ গৰাহত বীজ আৰু সাৰসমূহ। কৃষি বিষয়াৰ কাণ্ডজ্ঞান হীনতাৰ বাবেই এইদৰে পৰি ৰৈছে বীজ আৰু সাৰসমূহ
কৃষি বিষয়াৰ কাণ্ডজ্ঞানহীনতাঃ বস্তাই বস্তাই পৰি ৰ'ল বীজ আৰু সাৰ
কিন্তু প্ৰশ্ন হয়, কি কাৰণত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি কৃষকক যোগান ধৰি আহিছে বীজ আৰু সাৰ। এনেদৰে গেলি পচি যোৱাৰ বাবেই যোগান ধৰা হয় নেকি এই সমূহ সামগ্ৰী ? কৃষি বিষয়া জুলফিকৰ আলী আহমেদৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই দুখীয়া কৃষকে এই বীজ আৰু সাৰ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ অঞ্চলৰ স্থানীয় বাসিন্দাই ৷