অসম

assam

ETV Bharat / state

মুকলি আকাশৰ তলত সোণা উল্লাহ - Detention camp

কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে আমিনগাঁৱৰ সীমান্ত আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীক ৷ গাড়ীত উঠাই লৈ যোৱাৰ প্ৰাকখনত, আমছু, ছাত্ৰ মুক্তি আদি সংগঠনে গামোচা আৰু ফুলৰ মালাৰে সম্ভাষণ জনালে কেপ্টেইনগৰাকীক ৷

মুকলি আকাশৰ তলত সোণা উল্লাহ

By

Published : Jun 8, 2019, 2:35 PM IST

গোৱালপাৰা, 8 জুনঃ মুকলি আকাশৰ তলত বিদেশী ঘোষিত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন সোণা উল্লাহ ৷ সম্পূৰ্ণ এঘাৰ দিনৰ পিচত ডিটেনশ্বন কেম্পৰ পৰা ওলাল বিদেশী ঘোষিত প্ৰাক্তন সেনা বিষয়াগৰাকী ৷ গোৱালপাৰা ডিটেনশ্বন কেম্পত বিদেশীৰ গোচৰত তেওঁক বন্দী কৰা হৈছিল । উল্লেখ্য যে ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত সেনা বিষয়া তথা ৰাজ্যখনৰ সীমান্ত আৰক্ষীত কৰ্মৰত সোণা উল্লাহক বিদেশী ঘোষণা কৰাৰ পিছত গোৱালপাৰা ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰিছিল।

মুকলি আকাশৰ তলত সোণা উল্লাহ

গোৱালপাৰাৰ ডিটেনশ্বন কেম্পৰ পৰা শনিবাৰে দিনৰ প্ৰায় ১১ বজাত মুকলি কৰি দিয়া হয় সোণা উল্লাহক ৷ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে আমিনগাঁৱৰ সীমান্ত আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীক ৷ গাড়ীত উঠাই লৈ যোৱাৰ প্ৰাকখনত, আমছু, ছাত্ৰ মুক্তি আদি সংগঠনে গামোচা আৰু ফুলৰ মালাৰে সম্ভাষণ জনালে কেপ্টেইনগৰাকীক ৷

লগতে পঢ়কঃ সোণা উল্লাহক চৰ্ত সাপেক্ষে জামিন

ABOUT THE AUTHOR

...view details