গোৱালপাৰা,১ ছেপ্টেম্বৰ :জেহাদীৰ ঘাটিত পৰিণত হৈছে অসম (Jihadi activity in Assam)। শেহতীয়াকৈ আৰক্ষীয়ে নিজে স্পষ্ট কৰি দিছে যে ৰাজ্যখনত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । ফলস্বৰূপে কেইবাখনো জিলাত আৰক্ষীৰ জালক পৰিছে জেহাদী (Jihadi arrested in Assam)। এইবাৰ গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাৰ পৰা গ্ৰেপ্তাৰ এটা জেহাদী (Jihadi arrested in Guwahati)।
বুধবাৰে গোৱালপাৰা আৰক্ষীয়ে গুৱাহাটীৰ ফটাশিল আৰক্ষীৰ সহযোগত অভিযান চলাই আটক কৰিছিল আজমল হুছেইন নামৰ জেহাদীটোক । লগে লগে গোৱালপাৰা আৰক্ষীয়ে নিজৰ জিম্মাত লৈ গ্ৰেপ্তাৰ কৰে আৰু দুধনৈ থানাত সম্প্ৰতি জেহাদী আজমলক মাৰাথন জেৰা চলাই আছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ।
উল্লেখ্য যে শেহতীয়াকৈ গোৱালপাৰাত আব্দুছ ছোৱাহান নামৰ এটা জেহাদী গ্ৰেপ্তাৰ হৈছিল (Goalpara police arrests Jihadi)। ছোৱাহানৰ স্বীকাৰোক্তিৰ ভিত্তিতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হয় জেহাদী আজমল হুছেইন ।