অসম

assam

ETV Bharat / state

গোৱালপাৰাত অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - লক্ষীপুৰৰ খৰমুজা সংহত শিশু উন্নয়ন প্ৰকল্প

শিশুৰ নামত আবণ্টিত খাদ্য হৰলুকি কৰি আহিছে অংগনবাডী কৰ্মীয়ে, অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে স্থানীয় ৰাইজ ৷

as_gol_16may_802_angabadi_corruption_vis+byte+photo_RTU_7203844.
হিমাচল প্ৰদেশত প্ৰত্যক্ষ চীনা হেলিকপ্টাৰ : তথ্য

By

Published : May 17, 2020, 4:25 PM IST

গোৱালপাৰা,17মেঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ খৰমুজা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ দক্ষিণ দাৰিৰ পাৰ অংগনবাডী কেন্দ্ৰত জৰাজীৰ্ণ আৰু গোহালি সদৃশ পৰিবেশত পাঠদান গ্ৰহণ কৰিছে কণ কণ শিশুৱে । অংগনবাডী কেন্দ্ৰৰ কৰ্মী গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ কেন্দ্ৰটোৰ কৰ্মী ফুলমতী বেগমে শিশুৰ নামত আবণ্টিত খাদ্যৰ পৰাও চান কাঢ়ি আহিছে বুলি অভিযোগ স্থানীয় ৰাইজৰ ।

হিমাচল প্ৰদেশত প্ৰত্যক্ষ চীনা হেলিকপ্টাৰ : তথ্য

শেহতীয়াকৈ ৫৭ দিন ধাৰ্য্য কৰি বিভাগে লক ডাউনৰ সময়ত প্ৰতিগৰাকী প্ৰসূতিক ১০০ গ্ৰাম চাউল আৰু শিশুক ৭৫ গ্ৰাম চাউল বিভাগে আবণ্টন দিছিল ৷ সেই হিচাপত প্ৰতিগৰাকী প্ৰসূতি মহিলাই ৫৭ দিন হিচাপে পাব লাগে ৫ কিলো ৭০০ গ্ৰাম চাউল আৰু প্ৰতি শিশুৱে ৪ কিলো ২৭৫ গ্ৰাম চাউল পাব লাগে।

গোৱালপাৰাত অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ

কিন্তু কৰ্মী ফুলমতী বেগমে তাৰ ঠাইত মাত্ৰ এক কিলোগ্ৰাম চাউল আৰু নামমাত্ৰ মটৰ বুট দি অহাৰ অভিযোগ উঠিছে । ইয়াতেই খৰ্গহস্ত হৈ পৰিছে স্থানীয় ৰাইজ প্ৰসূতি আৰু শিশুৰ পিতৃ - মাতৃ একত্ৰিত হৈ সংবাদ মাধ্যমৰ আগত উজাৰিলে ক্ষোভ। শিশুৰ নামত আবণ্টিত চাউলৰ পৰাও চান কাঢ়ি অহা কথাটো সহজ ভাবে লব পৰা নাই স্থানীয় ৰাইজে। যাৰ ফলত স্থানীয় ৰাইজে উচিত তদন্তৰ দাবী কৰিছে ।

লগতে পঢ়কঃ হিমাচল প্ৰদেশত প্ৰত্যক্ষ চীনা হেলিকপ্টাৰ : তথ্য

ABOUT THE AUTHOR

...view details