পাঠদানৰ নামত ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ গোৱালপাৰা, 11 আগষ্ট : ৰাজ্যত পুনৰ শিক্ষক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে । গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন শিক্ষকে ৷ দীৰ্ঘদিন ধৰি বলদমাৰী নবীনগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মফিজুৰ ৰহমানে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
ইয়াৰ পূৰ্বেও দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল শিক্ষক ৰহমানৰ বিৰুদ্ধে । সম্প্ৰতি শিক্ষকগৰাকীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰীয়ে ।
জানিব পৰামতে, পাঠদানৰ সময়ত অভিযুক্ত শিক্ষকগৰাকীয়ে ছাত্ৰীৰ শৰীৰৰ বিভিন্ন গোপন অংগত স্পৰ্শ কৰি যৌন নিৰ্যাতন চলাই আহিছিল। ইয়াতে ক্ষান্ত নাথাকি শিক্ষকজনে ছাত্ৰীসকলক বিভিন্ন অশ্লীল ইংগিত দিছিল ৷ পাঠদানৰ নামত ছাত্ৰীসকলক মোবাইল ফোনত শিক্ষকজনে পৰ্ণ ভিডিঅ’ দেখুৱাইছিল বুলিও জঘন্য অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীসকলে ৷
অৱশেষত ছাত্ৰীসকলে অতিষ্ঠ হৈ বৃহস্পতিবাৰে বিদ্যালয় ছুটী হোৱাৰ পিচত নিজ নিজ অভিভাৱকক শিক্ষকগৰাকীৰ কু-চৰিত্ৰৰ কথা অৱগত কৰায়। লগে লগে অভিভাৱকসকলে বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীক লগ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে।
বিদ্যালয়খনৰ সভানেত্ৰী আৰু অভিভাৱকসকলে অভিযুক্ত শিক্ষকগৰাকীক জবাবদিহি কৰাত শিক্ষকজন বিদ্যালয়ৰ পৰা পলাই সাৰে ৷ ইয়াৰ পিচতে বিদ্যালয়খনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, এই শিক্ষকগৰাকীয়ে বহু বছৰ পূৰ্বেও দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপিত হৈছিল ৷
কিন্তু ৰাজনৈতিক ক্ষমতা থকাৰ বাবে বাৰে বাৰে সাৰি গৈছিল শিক্ষকগৰাকী। ইয়াৰ পিচতে শিক্ষকগৰাকীৰ বিৰুদ্ধে শুকুৰবাৰে গোৱালপাৰা সদৰ আৰক্ষী থানাত অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে এজাহাৰ দাখিল কৰে ৷ এতিয়া আৰক্ষী প্ৰশাসনে শিক্ষকগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।
লগতে পঢ়ক:Cyber criminal detained: নগাঁও আৰক্ষীৰ জালত তিনি দুধৰ্ষ চাইবাৰ অপৰাধী