গোৱালপাৰা, ২ অক্টোবৰ:পোকে খোৱা মধ্যাহ্ন ভোজনৰ চাউলক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ লেওৱাবাৰী-ফুটুৰীপাৰা প্ৰাথমিক বিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জিলাখনৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত লেৱাবাৰী-ফুটুৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ চূড়ান্ত গাফিলতিৰ বাবেই গুদাম ঘৰতে পচি পোক লাগিছে মধ্যাহ্ন ভোজনৰ বাবে মজুত কৰি ৰখা ২০০ বস্তা চাউল । এই পোক লগা পচা চাউলেৰে ছাত্ৰ-ছাত্ৰীসকলক খুৱাইছে মধ্যহ্ন ভোজনৰ নামত বৰবিহ ।
এনে ভোজন খাই কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ গৈ বমি, ডায়েৰীয়া হৈ সঘনাই অসুস্থ হ'বলগীয়া হৈছে বুলি গুৰুতৰ অভিযোগ উঠিছে । ইয়াকে লৈ আজি দুই শতাধিক অভিভাৱক তথা স্থানীয় ৰাইজে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক লগত লৈ বিদ্যালয়খনত উপস্থিত হয় ।
ৰাইজে বিদ্যালয়ৰ গুদাম গৃহ খুলি চাউলৰ বস্তা পৰীক্ষা কৰাত চাউলসমূহ পচি যোৱাৰ লগতে পোকে কিলবিলাই থকা প্ৰত্যক্ষ কৰাত উত্তেজিত হৈ পৰে । ৰাইজৰ উগ্ৰমূৰ্তি দেখি ততালিকে সভাপতি আব্দুছ ছালাম আহমেদে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰা মতে, পোকে কিলবিলাই থকা এই পচা চাউলেৰে বিগত তিনিমাহ ধৰি ভোজন খুৱাই আছে । কিন্তু কোনোৱেই এই পোক লগা পচা চাউলৰ ভোজন খাব নোৱাৰে । যিসকলে ভোক সহিব নোৱাৰি ভোজন গ্ৰহণ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰী ঘৰলৈ গৈ অসুস্থ হৈ পৰে ।
প্ৰধান শিক্ষকৰ ধমকিত ছাত্ৰ-ছাত্ৰীসকলে খাব নোৱাৰা ভোজন ঘৰলৈ নিবলৈ বাধ্য হয় যদিও আদবাটতে অখাদ্য পেলাই থৈ যায় । তদুপৰি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ নুখুৱায় মধ্যহ্ন ভোজন । সপ্তাহত মাত্ৰ এটা কণি দিয়ে । দাইল,পাচলিও অখাদ্য । উল্লেখ্য যে, শনিবাৰে তিনিগৰাকীমান কণ কণ ছাত্ৰীয়ে বিদ্যালয়ৰ মধ্যহ্ন ভোজন খাই ছুটিৰ পিচত ঘৰত অসুস্থ হৈ পৰে ।