অসম

assam

ETV Bharat / state

চৰকাৰে ৰাজ্যবাসীক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে : অখিল গগৈ - Brahmaputra River Erosion

বিজেপি চৰকাৰে ৰাজ্যবাসীক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ প্ৰায় ছটা বছৰ পূৰ্বে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সকলো এতিয়া সময়ৰ সোঁতত বিলিন হ’ল ৷ গোৱালপাৰা বলদমাৰী চৰৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ চৰকাৰক ক্ষুৰাধাৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi criticize BJP govt) ৷

akhil-gogoi-visits-erotion-hit-area-in-goalpara
চৰকাৰে ৰাজ্যবাসীক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে : অখিল গগৈ

By

Published : May 22, 2022, 10:24 PM IST

গোৱালপাৰা, 22 মে’ : ‘‘বিজেপি চৰকাৰে বান মুক্ত অসমৰ কথা কৈছিল (Flood free Assam) ৷ আনকি সদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ খনন কৰিব চৰকাৰে ৷ লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ৰিজাৰভাৰত বাৰিষা পানী ৰখাৰ ব্যৱস্থা কৰি খৰালি দিনত সেই পানী খেতিপথাৰত দিয়াৰ ব্যৱস্থা কৰিব ৷ কিন্তু বিগত ছটা বছৰত বিজেপি চৰকাৰে এনেধৰণৰ একো কামেই নকৰিলে’’ ৷ দেওবাৰে গোৱালপাৰা বলদমাৰী চৰৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi criticize BJP govt) ।

চৰকাৰক খুৰাধাৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে

উল্লেখ্য যে, বলদমাৰী চৰৰ গৰাখহনীয়াই গোৱালপাৰা চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । গোৱালপাৰা চহৰৰ গাতে লাগি থকা 1 নং বলদমাৰী চৰৰ পৰিস্থিতি বুজ ল’বলৈ দেওবাৰে পুৱাই সেই স্থানত উপস্থিত হয় বিধায়ক অখিল গগৈ (Akhil Gogoi visits erotion hit area in Goalpara)৷

লগতে পঢ়ক :Brahmaputra River Erosion: ধলা-ছৈখোৱাৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

শীঘ্ৰে এই অঞ্চলৰ গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব নোৱাৰিলে এটা সময়ত ঐতিহ্যময় গোৱালপাৰা চহৰৰ চিন চাৱ নাথাকিব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ যদি বলদমাৰী চৰৰ গৰাখহনীয়া সমস্যা(Brahmaputra River Erosion)লৈ চকু নিদিয়ে তেন্তে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব অখিল গগৈয়ে ৷

চৰকাৰে ৰাজ্যবাসীক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে : অখিল গগৈ

আনকি অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে সমগ্ৰ অসম জুৰি জংগী আন্দোলন গঢ়ি তোলাৰো এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷ গোৱালপাৰা বলদমাৰী চৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শ কৰি অখিল গগৈয়ে বটদ্ৰৱা ঘটনাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে, ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে ৷

লগতে পঢ়ক :ডিমা হাছাওৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলৰ

ABOUT THE AUTHOR

...view details