গোৱালপাৰা,৮ মাৰ্চ: প্ৰাৰ্থিত্বক লৈ অসন্তুষ্ট পশ্চিম গোৱালপাৰাবাসী । বিজেপি, কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ সমান্তৰালকৈ নৱগঠিত দল অসম জাতীয় পৰিষদৰ ভিতৰচ’ৰাতো দেখা গৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদ দলে সমষ্টিটোত উপযুক্ত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়াক কেন্দ্ৰ কৰি সমষ্টিটোৰ ক্ষুব্ধ কৰ্মকৰ্তাই সোমবাৰে নিশা দলটোৰ মুখ্য কাৰ্যালয়টো লণ্ড-ভণ্ড কৰে । ইতিমধ্যে গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদে ছফিউৰ ৰহমানৰ নাম সাম্ভাব্য প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । সমষ্টিটোৰ সভাপতি, ৰাজ্যিক আহ্বায়ককে ধৰি কৰ্মকৰ্তাসকলে অভিযোগ কৰা মতে, একো নজনাকৈ এগৰাকী গণভিত্তি নথকা লোকক প্ৰাৰ্থিত্ব দিছে দলে । ফলস্বৰূপে কৰ্মকৰ্তাসকলে এইদৰে কাৰ্যালয়টো লণ্ড-ভণ্ড কৰে ।
অকল এয়েই নহয় ক্ষুব্ধ কৰ্মকৰ্তাসকলে সমূহীয়া পদত্যাগ কৰিব বুলিও ভাবুকি প্ৰদান কৰে । জানিব পৰা মতে, গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদৰ পৰা চাৰিগৰাকী প্ৰাৰ্থী ক্ৰমে আহমেদ আলী, পবিত্ৰ নাথ, আব্দুল মতিম আৰু ছফিউৰ ৰহমানে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল । ইয়াৰে আহমেদ আলী ২০০৬ বৰ্ষত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দিতা কৰি এক নগণ্য ভোটৰ ব্যৱধানত পৰাজিত হৈছিল ।