অসম

assam

ETV Bharat / state

Death controversy: বাল্য বিবাহক কেন্দ্ৰ কৰি মৃত্যু হোৱা আছমা খাতুনৰ পৰিয়ালৰ কাষত আজমল - AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল

বাল্য বিবাহৰ লগত জড়িত থকা লোকক আটক কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ শেহতীয়াকৈ বাল্য বিবাহক কেন্দ্ৰ কৰি মৃত্যু হৈছে এগৰাকী মহিলাৰ ৷ মহিলাগৰাকীৰ মৃত্যুৰ পিছতেই শোকত ভাঙি পৰিছে পৰিয়ালবৰ্গ ৷ আজি ভিডিঅ’ কল যোগে দুৰ্ভগীয়া পৰিয়ালটোৰ বুজ ল’লে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে (AIUDF chief Badruddin Ajmal) ৷

Ajmal stands with family of Asma Khatun who died over child marriage in Goalpara
আজমলে ভিডিঅ’ কল যোগে আশ্বাস প্ৰদান কৰে বাল্য বিবাহক কেন্দ্ৰ কৰি মৃত্যু হোৱা আছমাৰ পৰিয়ালটোক

By

Published : Feb 10, 2023, 4:25 PM IST

আজমলে ভিডিঅ’ কল যোগে আশ্বাস প্ৰদান কৰে বাল্য বিবাহক কেন্দ্ৰ কৰি মৃত্যু হোৱা আছমাৰ পৰিয়ালটোক

গোৱালপাৰা, 10 ফেব্ৰুৱাৰী: শেহতীয়াকৈ বাল্য বিবাহৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM against child marriage) ৷ বাল্য বিবাহৰ লগত জড়িত থকা প্ৰতিজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া নিৰ্দেশৰ পিছতেই অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰাই বাল্য বিবাহৰ লগত জড়িত থকা বেআইনী স্বামীকে ধৰি পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌলবী আৰু কাজিক আটক কৰিছে (Child marriage in Assam) ৷

বাল্য বিবাহৰ লগত জড়িত থকা লোকক আটক কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ ক’ৰবাত যদি আৰক্ষী চকীৰ সমুখত স্বামীক বিচাৰি হাহাকাৰ কৰিছে পত্নীয়ে আন ক’ৰবাত আকৌ বাল্য বিবাহক কেন্দ্ৰ কৰি মৃত্যুক সাৱটি লোৱাৰ ঘটনাও পোহৰলৈ আহিছে ৷ তেনে এক ঘটনাই সংঘটিত হৈছে গোৱালপাৰাৰ জলেশ্বৰৰ বাউচাটাৰিতো ৷ বাল্য বিবাহক কেন্দ্ৰ কৰি মঙলবাৰে নিশা মৃত্যু হৈছিল বাল্য বিবাহত অভিযুক্ত পিতৃ আমেজ উদ্দীনৰ পত্নী আছমা খাতুনৰ (Death case in goalpara over child marriage drive) ।

আছমা খাতুনৰ মৃত্যুৰ পিছতেই পৰিয়ালবৰ্গৰ মাজত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ ৷ সম্প্ৰতি দিক-বিদিক হেৰুওৱা পৰিয়ালটোৰ কাষত থিয় দিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল (AIUDF chief Badruddin Ajmal) ৷ শুকুৰবাৰে দিল্লীৰ পৰা ভিডিঅ’ কল যোগে বুজ ল’লে জলেশ্বৰৰ বাউচাটাৰিৰ দুৰ্ভগীয়া পৰিয়ালটোৰ । ভিডিঅ’ কল যোগে পৰিয়ালটোক আশ্বাস প্ৰদান কৰে AIUDF প্ৰধানগৰাকীয়ে (Ajmal video call in Goalpara) ৷ মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত আজি AIUDF ৰ এটা সজাতি দল উপস্থিত হৈছিল মৃত আছমা খাতুনৰ বাসগৃহত ৷

ভিডিঅ’ কলযোগে বদৰুদ্দিন আজমলে কয় যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অসমতে বাল্য বিবাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকক মোকলাই দিবলৈ চৰকাৰক আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য বিকল্প উলিয়াই বাল্য বিবাহ বন্ধ কৰক ৷ কিন্তু এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকক গ্ৰেপ্তাৰ কৰাটো গ্ৰহণযোগ্য নহয়, যিহেতু এনেদৰে গ্ৰেপ্তাৰ কৰাৰ বাবেই এই মানুহগৰাকীৰ মৃত্যু হৈছে ৷ গতিকে অন্য পন্থা অৱলম্বন কৰি বাল্য বিবাহ বন্ধ কৰক ৷ কিন্তু এনেদৰে মানুহক গ্ৰেপ্তাৰ কৰি হাৰাশাস্তি কৰাটো সমৰ্থন নকৰে বুলিও উল্লেখ কৰিলে AIUDF প্ৰধান গৰাকীয়ে ৷

উল্লেখ্য যে, পুত্ৰৰ বাল্য বিবাহৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল পিতৃ আমেজ উদ্দিন । তাৰ পিছতে স্বামীৰ শোকত কৰুণ মৃত্যু সাৱটি লৈছিল আমেজ উদ্দিনৰ পত্নী আছমা খাতুনে । বাল্য বিবাহত অভিযুক্ত স্বামী আখিৰুল ইছলামক ঘৰত নাপাই তেওঁৰ পিতৃ আমেজ উদ্দীনক তিনিদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । আমেজ উদ্দীনক গ্ৰেপ্তাৰ কৰাৰ পিছতই শোকত ভাগি পৰিছিল পত্নী আছমা খাতুন । তেওঁৰ জামিনৰ বাবে চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল পৰিয়ালৰ লোক ।

ফলত বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আমেজ উদ্দীনৰ শোকত ভাগি পৰি অকাল মৃত্যুক সাৱটি লৈছিল পত্নী আছমা খাতুনে (Death Incident in Child Marriage Operation in Goalpara) । আনহাতে, বুধবাৰে নিশা পৰিয়ালৰ লোকৰ অনুৰোধমৰ্মে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে পত্নীৰ জানাজা নামাজত অংশগ্ৰহণ কৰিবলৈ দিয়া হয় গ্ৰেপ্তাৰ হোৱা আমেজ উদ্দীনক ।

লগতে পঢ়ক:Death Incident in Child Marriage Operation: কটকটীয়া নিৰাপত্তাত পত্নীৰ জানাজাত উপস্থিত ধৃত স্বামী

ABOUT THE AUTHOR

...view details