অসম

assam

ETV Bharat / state

Elephant Stuck in Pond at Goalpara : গোৱালপাৰাত পুনৰ বোকাত আৱদ্ধ ৬টা বন্যহস্তী - হাতী মানুহৰ সংঘাত

গোৱালপাৰাত চৈৰাবাৰীৰ এটা পুখুৰীত বন্যহস্তীৰ আৰ্তনাদ । বৃহস্পতিবাৰে নিশাৰে পৰা পুখুৰীটোৰ বোকাত আৱদ্ধ হৈ আছে ৬টা বন্যহস্তী(Elephant stuck in pond at Choirabari) । পুখুৰীৰ পাৰলৈ উঠি আহিবলৈ বহু চেষ্টা কৰিও বিফল হৈছে হাতীকেইটা ।

Again 6 Elephants got stuck in a pond at Choirabari area
গোৱালপাৰাত পুনৰ বোকাত আৱদ্ধ ৬টা বন্যহস্তী

By

Published : Dec 3, 2021, 3:25 PM IST

গোৱালপাৰা, ৩ ডিচেম্বৰ: গোৱালপাৰাৰ লক্ষীপুৰৰ চৈৰাবাৰীত পুনৰ পুখুৰীত আৱদ্ধ হৈ পৰিল ৬টা বনৰীয়া হাতী । বৃহস্পতিবাৰে নিশাৰে পৰা হাতীকেইটা বোকাত আৱদ্ধ হৈ আছে । জানিব পৰা মতে, মেঘালয়ৰ বনাঞ্চলৰ পৰা ওলাই আহিছিল বন্যহস্তীকেইটা । কিন্তু দুৰ্ভাগ্যবশতঃ হাতীকেইটা দ' পুখুৰীটোৰ বোকাত আৱদ্ধ হৈ পৰে(Elephant trapped in pond at Goalpara) ।

পুখুৰীৰ পাৰলৈ উঠি আহিবলৈ হাতীকেইটাই চেষ্টা কৰিছে যদিও বাৰে বাৰে বিফল হ'বলগীয়া হৈছে । বন বিভাগৰ লোকে হাতী কেইটা উদ্ধাৰ কৰিবলৈ চৈৰাবাৰীত উপস্থিত হৈছে যদিও পুখুৰীটোৰ ওচৰলৈ যাব পৰা নাই । বন বিভাগৰ লোকে জনোৱা মতে, বনাঞ্চলৰ আন হাতীয়ে পুখুৰীলৈ যোৱা পথত অৱস্থান কৰি আছে । সেয়ে, বন বিভাগৰ লোক পুখুৰীটোৰ ওচৰলৈ যাব পৰা নাই ।

আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নিশা হাতীকেইটা পুখুৰীত আৱদ্ধ হোৱাৰ পাচতে তেওঁলোকে বন বিভাগক খবৰ দিছিল । কিন্তু বন বিভাগৰ লোক পুৱাহে উপস্থিত হয় । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰৰ দিনাই আন ৫টা হাতী একেটা পুখুৰীত আৱদ্ধ হৈ পৰিছিল ।

গোৱালপাৰাত পুনৰ বোকাত আৱদ্ধ ৬টা বন্যহস্তী

বনবিভাগৰ লোকে হাতীকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু এতিয়াও পুখুৰীত আৱদ্ধ হৈ থকা ৬টা বন্যহস্তী বন বিভাগে উদ্ধাৰ কৰিব পৰা নাই(6 Elephant got stuck in muddy pond ) । উল্লেখ্য যে, বিগত এবছৰ ধৰি গোৱালপাৰা জিলাৰ লক্ষীপুৰত হাতী মানুহৰ সংঘাত অব্যাহত আছে(Man-elephant conflict in Goalpara) । লক্ষীপুৰৰ বিভিন্ন স্থানত মেঘালয়ৰ পৰা নামি অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলাই আহিছে ।

বৃহস্পতিবাৰে নিশাও এই ৬টা হাতীয়ে চৈৰাবাৰী গাঁৱত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰে । গাঁওখনৰ ৰাইজে হাতীৰ জাকটোক গাঁওখনৰ পৰা খেদি পঠিয়ায় যদিও ওচৰতে থকা পাহাৰৰ এটা দ' পুখুৰীত হাতী কেইটা আৱদ্ধ হৈ পৰে । এতিয়া হাতীকেইটা উদ্ধাৰৰ বাবে আন কৌশল অৱলম্বনৰ বিষয়ে চিন্তা কৰিছে বন বিভাগে । কিয়নো, জাকটোৰ আন হাতীয়ে এতিয়াও পুখুৰীটোৰ আশে-পাশে অৱস্থান কৰি আছে ।

লগতে পঢ়ক:Elephants Rescue From Muddy Pond: দ' পুখুৰীত আৱদ্ধ 5 টাকৈ বনৰীয়া হাতী উদ্ধাৰ

ABOUT THE AUTHOR

...view details