গোৱালপাৰা, 15 জানুৱাৰী :এটা ফোনকলে অপেক্ষাৰ অন্ত পেলালে এগৰাকী মাতৃৰ ৷ হিন্দী চিনেমাৰ দৰে এটা কাহিনী ৷ 40 বছৰৰ পূৰ্বৰ এগৰাকী কিশোৰী ৷ বৰ্তমান তেওঁ এগৰাকী 50 বছৰ বয়সীয়া মহিলা ৷ তেওঁৰ নাম স্বহিতন নেছা ৷ নগৰবেৰাৰ কল্যানপুৰ গাঁৱৰ পৰা 40 বছৰ পূৰ্বে মাতৃৰ সৈতে কৰ্মৰ সন্ধানত গুৱাহাটীলৈ আহিছিল স্বহিতন নেছা ৷ কিন্তু গুৱাহাটীতেই মাতৃৰ পৰা বিছিন্ন হৈ দহ বছৰীয়া স্বহিতন নিখোজ হৈছিল ৷ তেতিয়াৰে পৰা চাৰিটা দশক স্বহিতনৰ বৃদ্ধা মাতৃয়ে বাট চাই ৰৈছিল, হেৰোৱা ছোৱালীজনী ঘূৰি আহিব বুলি ৷
সুদীৰ্ঘ চল্লিশটা বছৰ পাচত মাতৃ-কন্যাৰ মহামিলন - হেৰোৱা কন্যাক কাষত পায় হুকহুকাই কান্দিলে বৃদ্ধা মাতৃগৰাকীয়ে
নগৰবেৰাৰ কল্যানপুৰ গাঁৱৰ পৰা 40 বছৰ পূৰ্বে মাতৃৰ সৈতে কৰ্মৰ সন্ধানত গুৱাহাটীলৈ আহিছিল স্বহিতন নেছা ৷ কিন্তু গুৱাহাটীতেই মাতৃৰ পৰা বিছিন্ন হৈ দহ বছৰীয়া স্বহিতন নিখোজ হৈছিল ৷ তেতিয়াৰে পৰা চাৰিটা দশক স্বহিতনৰ বৃদ্ধা মাতৃয়ে বাট চাই ৰৈছিল, হেৰোৱা ছোৱালীজনী ঘূৰি আহিব বুলি ৷
সুদীৰ্ঘ 40 টা বছৰৰ হঠাৎ এদিন নগৰবেৰা ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসলৈ আহিল এটা ফোন কল ৷ ফোনকলটো আহিছিল লক্ষ্নৌৰ পৰা ৷ পুত্ৰৰ সহায়ত গুগলত বিচাৰি নিজৰ জন্মস্থান উলিয়ালে স্বহিতনে ৷ তাৰ পাচতেই পালেহি গোৱালপাৰাৰ নগৰবেৰাৰ কল্যানপুৰত থকা মাতৃৰ কাষ ৷ পিছে স্বহিতন হৈ নহয়, বৰ্তমান তেওঁৰ নাম হ'লগৈ আশা দেৱী ৷ এগৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ল আশাদেৱী ৷ চাৰি দশক পাচত নিজৰ হেৰোৱা কন্যাক কাষত পায় হুকহুকাই কান্দিলে বৃদ্ধা মাতৃগৰাকীয়ে ৷ 40 বছৰৰ পাচত যে নিজ কন্যাক এইদৰে দেখা পাব তেওঁ হয়তো সেই আশা পৰিত্যাগেই কৰিছিল ৷ নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দেখা গ'ল মাতৃ-কন্যাৰ মিলনৰ আৱেগিক দৃশ্য ৷ চকু সেমেকি উঠিল উপস্থিত থকা আনসকল লোকৰো ৷
লগতে পঢ়ক : মাঘ বিহুৰ দিনাই ক’লা পতাকাৰে স্বাগতম মুখ্যমন্ত্ৰীক