গোৱালপাৰা, 29 অক্টোবৰ :দেওবাৰে গোৱালপাৰাত উপস্থিত হয় অস্কাৰ বঁটা বিজয়ী প্ৰখ্যাত অভিনেতা আদিল হুছেইন । ৰাজ্যখনৰ লগতে গোৱালপাৰাত পথ সম্প্ৰসাৰণ আৰু ঔদ্যোগিক বিকাশৰ নামত এফালৰ পৰা গছকাটি তহিলং কৰাত ক্ষুণ্ণ হৈ পৰিছে অভিনেতাগৰাকী । প্ৰকৃতি ধ্বংস কৰাৰ বাবেই দিনকদিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ।
বিশিষ্ট অভিনেতাগৰাকীয়ে প্ৰকৃতি ৰক্ষাৰ বাবে সাংবাদিকৰ আগত কয়, ‘‘পৃথিৱীত মানুহৰ পূৰ্বে প্ৰকৃতি বা গছ-গছনিৰহে সৃষ্টি হৈছে । মানুহ পাচতহে আহিছে । পৰিৱেশতন্ত্ৰক ধ্বংস কৰিব নালাগে । গছবোৰত চৰাই, সাপ, বিভিন্ন কীট-পতংগই বাস কৰে । গছ কাটিলে এই সমগ্ৰ তন্ত্ৰটোৰ ওপৰত প্ৰভাৱ পৰিব । বিকাশৰ বা উন্নয়নৰ নামত পৰিৱেশ ধ্বংস কৰটো উচিত নহয় । ইচ্ছা থাকিলে আমি যিকোনো অসম্ভৱকো সম্ভৱ কৰিব পাৰো ।’’
জিলাখনৰ প্ৰকৃতি ধ্বংসৰ বিৰূদ্ধে সৰব হৈ অভিনেতাগৰাকীয়ে কয়, ‘‘ঔদ্যোগিকৰণ বা যিকোনো বিকাশৰ চিন্তা কৰাৰ আগতে প্ৰকৃতিক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ চিন্তা আগতে কৰিব লাগিব । কেৱল গোৱালপাৰা জিলাৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ দেশতে বিকাশৰ পূৰ্বে এই চিন্তা কৰিব লাগিব ।’’ গছ-গছনি কাটি বিকাশৰ কথা চিন্তা কৰিলে নহ'ব বুলিও তেওঁ সংবাদ মাধ্যমত মন্তব্য কৰে ।
আদিল হুছেইনে কয় যে প্ৰকৃতি ৰক্ষা কৰি উন্নয়ন কৰাটো সহজ কাম নহয় যদিও প্ৰকৃতিক যিমান সম্ভৱ নিজস্ব নিয়মত চলিবলৈ দিব লাগে । প্ৰকৃতিৰ যি সৰল নিয়ম বা আইন তাক পৰাপক্ষত ভংগ কৰিব নালাগে । কেনেকৈ প্ৰকৃতিৰ ন্যূনতম ক্ষতি কৰি উন্নয়ন বা ঔদ্যোগিক বিকাশ কৰিব লাগে তাৰ চিন্তা কৰিব লাগে । আমি আজি আছোঁ, কাইলৈ মৰি যাম ৷ কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগিবই । অন্যথা নতুন প্ৰজন্মই আমাক জবাবদিহি কৰিব, আমাক অভিশাপ দিব ।
প্ৰকৃতি ধ্বংস কৰাটো মুৰ্খামিৰ কাম বুলি উল্লেখ কৰি প্ৰখ্যাত অভিনেতাগৰাকীয়ে কয় যে প্ৰকৃতি ৰক্ষা কৰি আমি প্ৰথমে নিজে বাচি থাকিব লাগিব । আমি মানৱ জাতি মৰি গ'লে পৃথিৱীখন সুন্দৰকৈ নিজস্ব নিময়ত চলিব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । চলচ্চিত্ৰ নিৰ্মাতাসকলে কেৱল বাণিজ্যিক চলচ্চিত্ৰ বনোৱাত ব্যস্ত থাকে, প্ৰকৃতি ৰক্ষাৰ ওপৰত চলচ্চিত্ৰ বনাবলৈ আহৰি নাপায় । প্ৰকৃতি ৰক্ষাৰ ওপৰতো চলচ্চিত্ৰ নিৰ্মাণ কৰি দায়িত্ব পালন কৰাৰ আহ্বান জনায় অভিনেতাগৰাকীয়ে ।
আনহাতে গোৱালপাৰা জিলাকে ধৰি ৰাজ্যৰ ভয়াৱহ হাতী-মানুহৰ সংঘাতক লৈও তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে । মাটিয়া-মৰনৈত ঔদ্যোগিক কেন্দ্ৰ স্থাপনৰ নামত আৰু ফ'ৰলেন পথ সম্প্ৰসাৰণৰ নামত হেজাৰ হেজাৰ গছ খাস্তাং কৰাটো ভাল কথা হোৱা নাই বুলি মন্তব্য কৰে ।