অসম

assam

গোৱালপাৰাত আদৰণি ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক

By

Published : Apr 2, 2019, 1:39 AM IST

জিলা কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত প্ৰাৰ্থীগৰাকীয়ে দলৰ কৰ্মকতাসকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ লগতে কৰ্মকৰ্তাসকলৰ পৰামৰ্শ অনুসৰিয়েই কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

গোৱালপাৰাত আবু তাহেৰ বেপাৰী

গোৱালপাৰা, 1 মাৰ্চ : ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক আদৰণি গোৱালপাৰা জিলা কংগ্ৰেছৰ । আগিয়া বলবলাৰ পৰা গোৱালপাৰাৰ জিলা কংগ্ৰেছ কাৰ্যালয়লৈ বাইক ৰেলীৰে দলীয় সমৰ্থকৰআদৰণি প্ৰাৰ্থীগৰাকীক ৷ জিলা কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাৰ্থীগৰাকীয়ে দলৰ কৰ্মকৰ্তাসকলৰ সৈতে এক বৈঠকতমিলিত হয়৷দলীয় কৰ্মীৰ সহাঁৰিত মুগ্ধ হৈ পৰা বেপাৰীয়ে দলৰ কৰ্মকৰ্তাসকলৰ পৰামৰ্শ অনুসৰিয়েই কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

গোৱালপাৰাত আবু তাহেৰ বেপাৰী

ইপিনে এইবাৰ নিৰ্বাচনত সমষ্টিটোতএ আই ইউ ডি এফৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলৰ সৈতে মূল প্ৰতিদ্বন্দিতা হোৱাৰ লগতেকেন্দ্ৰত ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বুলি উল্লেখ কৰে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। লগতে সাম্প্ৰদায়িক ৰাজনীতি কৰা দলবোৰৰ বিৰুদ্ধে ভোট দি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোটাৰ ৰাইজে আদৰি লোৱাৰ আশা ব্যক্ত কৰে প্ৰাৰ্থীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details