গোৱালপাৰা,৯ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুকে ধৰি ৩০ টা জাতীয় সংগঠনে ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন কৰে। গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত আগিয়া-গোৱালপাৰা পথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত আছুৰ প্ৰতিবাদ - গোৱালপাৰাত আছুৰ প্ৰতিবাদ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰ্লজ্জ মন্ত্ৰী, হিন্দু মুছলমানৰ ৰাজনীতি, শংকৰ আজানৰ দেশত নচলিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে।
![নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত আছুৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2403477-544-d866ac18-d92f-49e3-85ea-27dd0ae76cef.jpg)
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত আছুৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত আছুৰ প্ৰতিবাদ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ সময়ৰ পৰাই কলা পতাকা দেখুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে আছুকে ধৰি ৩০ টা জাতীয় সংগঠনে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰ্লজ্জ মন্ত্ৰী, হিন্দু মুছলমানৰ ৰাজনীতি, শংকৰ আজানৰ দেশত নচলিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে।