অসম

assam

গোৱালপাৰাত এজেপি প্ৰাৰ্থীক সমৰ্থন আপৰ

By

Published : Mar 27, 2021, 4:43 PM IST

শনিবাৰে গোৱালপাৰাৰ লক্ষীপুৰত আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদৰ সংবাদমেল ৷ জলেশ্বৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰচিদুল হক আৰু গোৱালপাৰা পশ্চিম সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী অধিবক্তা দেলোৱাৰ হুছেইনক সমৰ্থন কৰে আপে ৷

aap-and-ajp-pressmeet
গোৱালপাৰাত এজেপি প্ৰাৰ্থীক সমৰ্থন জিলা আপৰ

গোৱালপাৰা,27 মাৰ্চ: গোৱালপাৰাৰ লক্ষীপুৰত শনিবাৰে এক সংবাদমেল সম্বোধন কৰে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে । সংবাদমেল সম্বোধন কৰে গোৱালপাৰা জিলা আম আদমী পাৰ্টীৰ সমন্বয়ক জাকিৰ হুছেইন আৰু সাংগঠনিক সম্পাদক ভাস্কৰ বৰ্মনে । জলেশ্বৰ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰচিদুল হকক লগত লৈ অনুষ্ঠিত কৰা হয় এই সংবাদমেলখন ৷

গোৱালপাৰাত এজেপি প্ৰাৰ্থীক সমৰ্থন জিলা আপৰ

সংবাদমেলযোগে গোৱালপাৰা পশ্চিম সমষ্টি আৰু জলেশ্বৰ সমষ্টিত দুয়োগৰাকী প্ৰাৰ্থীক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে আপৰ কৰ্মকৰ্তাসকলে । ইয়াৰ লেখীয়াকৈ জলেশ্বৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰচিদুল হক আৰু গোৱালপাৰা পশ্চিম সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী অধিবক্তা দেলোৱাৰ হুছেইনক সমৰ্থন কৰে দলটোৱে ।

উল্লেখ্য যে, গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰত সমষ্টিত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী নথকাৰ বাবেই অসম গণ পৰিষদক সমৰ্থন কৰে আপৰ কৰ্মকৰ্তাসকলে । দলীয় কৰ্মীসকলক দুয়োগৰাকী প্ৰাৰ্থীৰ হৈ কাম কৰাৰ বাবে সংবাদমেলৰ জৰিয়তে আহ্বান জনায় গোৱালপাৰা জিলা আপৰ সমন্বয়ক জাকিৰ হুছেইন আৰু সাংগঠনিক সম্পাদক ভাস্কৰ বৰ্মনে ।

লগতে পঢ়ক :নিৰ্বাচন সন্দৰ্ভত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল

ABOUT THE AUTHOR

...view details