গোৱালপাৰা, 23 ছেপ্টেম্বৰ :দৰং জিলাৰ ছিপাঝাৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ প্ৰতিবাদত বুধবাৰে গোৱালপাৰা জিলা আমছুৱে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী । আমছুৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
আমছুৰ জিলা সভাপতি আনিমুল হক চৌধুৰীয়ে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক অমানৱীয় বুলি উল্লেখ কৰি উচ্ছেদিত লোকক ন্যায় প্ৰদানৰ বাবে আহ্বান জনায় ৷ তেওঁ চৰকাৰক অতি সোনকালে উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে ভূমিহীন লোকক ভূমি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে ৷ তদুপৰি উচ্ছেদৰ নামত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ কৰাৰো বিস্ফোৰক অভিযোগ তোলে ৷