অসম

assam

ETV Bharat / state

নাতিৰ নিথৰ দেহ বুকুত সাৱটি হিয়া ভঙা কান্দোন আইতাৰ - goalpara

এগৰাকী আইতা কান্দোনত চকু সেমেকিছে সকলোৰে ৷ শনিবাৰৰ ঘটনা এইয়া ৷ খেলি থকা অৱস্থাতে দ' খাৱৈত পৰি সলিল সমাধি ঘটা নাতিৰ নিথৰ দেহ সাৱতি এগৰাকী আইতাৰ হিয়াভঙা কান্দোন ৷

এগৰাকী আইতাৰ হিয়া ভঙা ক্ৰন্দন

By

Published : May 25, 2019, 7:58 PM IST

গোৱালপাৰা, 25 মে' : নাতিনীয়েকৰ নিথৰ দেহটো বুকুত সাৱটি এগৰাকী আইতাৰ হিয়া ভঙা কান্দোন ৷ কোনেও বুজনি দিব পৰা নাই আইতাক । আইতা গৰাকীৰ কান্দোনত চকু সেমেকিছে উপস্থিত সকলোৰে । শনিবাৰৰ ঘটনা এইয়া ৷ খেলি থকা অৱস্থাতে দ' খাৱৈত পৰে নগৰবেৰাৰ লক্ষণপুৰ গাঁৱৰ তিনি বছৰীয়া কণমানি সুমন দাস ৷ পৰিয়ালবৰ্গই সুমনক বিচাৰি নাপাই সকলোকে সোধা-পোচা কৰাৰ পাচতে সুমনৰ মৃতদেহ উদ্ধাৰ কৰা হয় খাৱৈৰ পৰা ৷ সুমনৰ নিথৰ দেহ উদ্ধাৰৰ পাচতেই সুমনৰ ঘৰত কান্দোনৰ ৰোল ৷

এগৰাকী আইতাৰ হিয়া ভঙা ক্ৰন্দন

মৃত সুমনক জীয়াই তুলিবলৈ অপ্ৰাণ চেষ্টা কৰিছে গাঁৱৰ মহিলাসকলৰ ৷ যিয়ে যিমান পাৰে সুমনৰ নিথৰ দেহত তেল ঘহিছে যাতে জীয়াই উঠক সুমন ৷ যদিও ভ্ৰূক্ষেপ নাই সুমনৰ । চিৰদিনৰ বাবে নিদ্ৰাত সুমন ৷ সুমনক হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে পৰিয়াল, আত্মীয়স্বজনৰ লগতে গাঁওবাসী ।

ABOUT THE AUTHOR

...view details