অসম

assam

By

Published : Oct 8, 2019, 5:59 AM IST

ETV Bharat / state

ৰক্ষকেই ভক্ষক: গোৱালপাৰাত আৰক্ষী কনিষ্টবলৰ লজ্জাজনক কাণ্ড

গোৱালপাৰাত আৰক্ষী কনিষ্টবলৰ কামনাৰ বলি সপ্তম শ্ৰেণীৰ ছাত্ৰী ৷ কনিষ্টবলজনৰ বিৰুদ্ধে উত্থাপিত হৈছে 13 বছৰীয়া কিশোৰীক বলাৎকাৰৰ চেষ্টা কৰাৰ অভিযোগ ৷

ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ গোৱালপাৰাৰ আৰক্ষী কনিষ্টবল

গোৱালপাৰা,7 অক্টোবৰঃ গোৱালপাৰাত এগৰাকী কনিষ্টবলৰ নিকৃষ্ট কৰ্ম-কাণ্ডই পুনৰবাৰ অসম আৰক্ষীৰ মান মৰ্যাদাত কালিমা সানিলে ৷ এজন আৰক্ষী কনিষ্টবলে নিজ কামনাৰ বশবৰ্ত্তী হৈ অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰি এগৰাকী সপ্তম শ্ৰেণীত ছাত্ৰীক ধৰ্ষণ কৰাৰ অপচেষ্টা চলোৱাৰ এক ঘৃণনীয় ঘটনা সংঘটিত হ'ল গোৱালপাৰা চহৰত ৷ চহৰৰ মাজমজিয়াত সোমবাৰে সন্ধিয়া এজন কনিষ্টবলে বলাৎকাৰৰ চেষ্টা চলাই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক । আটকাধীন কনিষ্টবলজনৰ নাম জয় চৰণ দাস । ছাত্ৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে ঘৰৰ কাষত থকা মানুহ এজনে কিছু চিঞৰ-বাখৰ শব্দ শুনিবলৈ পায় ৷ ঘটনা সংঘটিত হোৱাৰ পাছত কনিষ্টবল জয়চৰণ দাস ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছত ৰাইজে খেদি খেদি কনিষ্টবল জনক উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে । ইপিনে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৰাইজৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ৬১৩/২০১৯ নম্বৰৰ ৩৭৬/৫১১ ধাৰাত গোচৰ ৰুজু কৰা হয় আৰু লগতে কনিষ্টবল জয়চৰণক নিলম্বন কৰা হয় বুলি জানিবলৈ দিয়ে ।

ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ গোৱালপাৰাৰ আৰক্ষী কনিষ্টবল

ABOUT THE AUTHOR

...view details