গোৱালপাৰা, 26 জুন:শনিবাৰে আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনটোতেই গোৱালপাৰা আৰক্ষীৰ এক সফল অভিযান । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা চহৰতো ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰা হৈছে ৷ গোৱালপাৰা চহৰৰ বিহু ফিল্ডত বৃহস্পতিবাৰে এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰে আৰক্ষীয়ে । আৰক্ষীয়ে আটকাধীন ব্যৱসায়ীজনৰ পৰা তিনি লাখতকৈ অধিক নগদ ধন সহ জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
ব্যৱসায়ীজন বিহুফিল্ডত ভাড়াতীয়া হিচাপে আছিল বুলি জানিব পৰা গৈছে । ৰাজ্য়ৰ ভিন্ন প্ৰান্তত ড্ৰাগছ ব্যৱসায়ীৰ চৰ্চা অব্যাহত থকাৰ সময়তেই পুনৰ গোৱালপাৰা চহৰৰ বিহুফিল্ডত এজন ড্ৰাগছ ব্যৱসায়ী আটক । শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনটোতেই গোৱালপাৰা আৰক্ষীৰ এক সফল অভিযান । গোপন সূত্ৰৰ পম খেদি চহৰৰ বিহুফিল্ডত ভাড়াতীয়া হিচাপে থকা ড্ৰাগছ ব্যৱসায়ী ৰকিবুল ইচলামক আটক কৰে ।
লগতে ৰকিবুলৰ ভাড়াঘৰৰ পৰা ৩ লাখ ২০ হেজাৰ টকা জব্দ কৰাৰ লগতে হেৰ’ইন, জাৱা টেৱলেট, সোণৰ বিস্কুট এখন আৰু বাইক এখন জব্দ কৰে । ইপিনে একে সময়তে আৰক্ষীয়ে আজমিৰ হুছেইন নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীকো আটক কৰে । দুয়োজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰ দক্ষিণ শালমাৰৰ মানকাচৰ থানাৰ ২ নং পূৱেৰ গাঁৱত বুলি জানিব পৰা গৈছে ৷