গোৱালপাৰা, 7 মাৰ্চ :গোৱালপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ জীৱন্তে অগ্নিদগ্ধ হ’ল এটি 7 বছৰীয়া নাবালক ৷ গোৱালপাৰা চহৰৰ উপকণ্ঠ ৰাক্ষসিনীৰ ঘোঁৰাপথাৰত শুকুৰবাৰৰ নিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা । সন্ধিয়া 8.30 মান বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো (7 year old boy burnt alive) ।
অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে ৰাক্ষসিনীৰ ঘোঁৰাপথাৰ নিবাসী শ্বাহজাহান আলীৰ ঘৰত ৷ বৈদ্যুতিক শ্ব'ৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ এই অগ্নিকাণ্ডত শ্বাহজাহান আলীৰ 7 বছৰীয়া সন্তানটি মৃত্যু ঘটা বুলি জানিবলৈ পৰা গৈছে । মৃত শিশুটোৰ নাম আব্দুল খালেক (Massive fire break out) ।
উল্লেখ্য যে, স্থানীয় ৰাইজে জুই লগাৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । কিন্তু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে জুইত গৃহসহ ঘৰৰ সকলো আচবাব-পত্ৰ, কাপোৰ-কানি জ্বলি ছাই হৈ যায় । দিন মজুৰিৰে পৰিয়াল পোহপাল দিয়া শ্বাহজাহান আলীৰ ঘৰৰ ভিতৰত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিচত জুইৰ তীব্ৰতা অধিক বৃদ্ধি পায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে (Fire incident in Goalpara) ।