গোৱালপাৰা, 27 ফেব্ৰুৱাৰী: 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আমোদজনক হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ বিশেষকৈ কংগ্ৰেছ আৰু AIUDFৰ নেতাৰ মাজত চলি থকা বাদানুবাদে গৰম কৰি তুলিছে ৰাজনৈতিক বতাহ (Congrss AIUDF conflict) ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰা AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলে (Badruddin Ajmal) পুনৰ ঘটনাইছে বিস্ফোৰণ ৷
শীঘ্ৰেই কংগ্ৰেছৰ 7 গৰাকী বিধায়কে যোগ দিব AIUDF ৷ ইয়াৰ ভিতৰত শীৰ্ষত আছে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল ৷ এই দাবী বদৰুদ্দিন আজমলৰ (Congress MLA to join AIUDF) ৷ কংগ্ৰেছৰ সংখ্যালঘু বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে আজমল সহিতে সমগ্ৰ AIUDF ৰ নেতাই 2024ৰ লোকসভা নিৰ্বাচনৰ (Lok Sabha election 2024) পূৰ্বে কংগ্ৰেছত যোগদান কৰিব বুলি দাবী কৰাৰ পাচতেই এই বিস্ফোৰণ ঘটাইছে আজমলে ৷
ইফালে, 2024ৰ লোকসভা নিৰ্বাচনত AIUDF আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা সন্দৰ্ভত কেতবোৰ মন্তব্য বদৰুদ্দিন আজমলৰ ৷ আজমলৰ অভিযোগ- ভূপেন বৰাই কংগ্ৰেছক ডুবাইছে ৷ কংগ্ৰেছক বচাই আছে ৰাহুল গান্ধীয়ে ৷ কেৱল সিমানেই নহয়, ভূপেন বৰাৰ মাথাত একো নাই বুলিও তীব্ৰ আক্ৰমণ কৰে আজমলে (Badruddin Ajmal slams Bhupen Bora) ৷