অসম

assam

ETV Bharat / state

কোন দিশে অসম শিক্ষা ব্যৱস্থা ?

১৯৮১ চনতে স্থাপিত পশ্চিম গোৱালপাৰাৰ বলাইখামাৰ মজলীয়া বিদ্যালয়ত ২৯৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ চাৰি গৰাকী শিক্ষক ৷ কেৱল চাৰি গৰাকী শিক্ষকে আঠটাকৈ শ্ৰেণীত পাঠদান কৰিব লগা হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষক সকল ৷

গোৱালপাৰাৰ এখন বিদ্যালয়ৰ দুখজনক ছবি

By

Published : Jun 19, 2019, 6:11 PM IST

গোৱালপাৰা, 19 জুন : পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ বলাইখামাৰ মজলীয়া বিদ্যালয়ে উদঙাইছে অসম চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ৷ ১৯৮১ চনত স্থাপিত বিদ্যালয় খনত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ২৯৪ গৰাকী হোৱাৰ বিপৰীতে শিক্ষক আছে মাত্ৰ চাৰি গৰাকী ৷ কেৱল চাৰি গৰাকী শিক্ষকে আঠটাকৈ শ্ৰেণীত পাঠদান কৰিব লগা হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষক সকল ৷

গোৱালপাৰাৰ এখন বিদ্যালয়ৰ দুখজনক ছবি

বাৰম্বাৰ উৰ্ধতন কতৃপক্ষক অনুৰোধ জনোৱাৰ পাছতো আজিলৈকে শিক্ষক নিযুক্তি নিদিয়াত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ ৷ অধঃপতনৰ দিশত আগবঢ়া অসমৰ শিক্ষা খণ্ডৰ এই দুখ লগা ছবি প্ৰতিফলিত হোৱাৰ পাছতো গা লৰা নাই চৰকাৰৰ ৷

ABOUT THE AUTHOR

...view details