অসম

assam

Jihadi detained by NIA : জেহাদী অভিযুক্তত গ্ৰেপ্তাৰ হোৱা 4 জেহাদীক পুনৰ আটক

By

Published : Jun 11, 2023, 1:39 PM IST

গোৱালপাৰা আৰু বঙাইগাঁও জিলাত পুনৰ নিয়াৰ অভিযান । পূৰ্বতে জেহাদী অভিযোগত গ্ৰেপ্তাৰ হোৱা 4 জনক পুনৰ অভিযানৰ সময়ত আটক কৰে নিয়াই (4 suspected jihadi detained by NIA) ।

4 suspected jihadi detained by NIA
4 জেহাদীক আটক

4 জেহাদীক আটক

গোৱালপাৰা, 11 জুন :জেহাদৰ বিৰুদ্ধে পুনৰ সৰৱৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়া ৷ গোৱালপাৰা আৰু বঙাইগাঁও জিলাত পুনৰ জেহাদীৰ বিৰুদ্ধে নিয়াই চলায় অভিযান । পূৰ্বতে জেহাদী অভিযোগত গ্ৰেপ্তাৰ হোৱা গোৱালপাৰা জিলাৰ 3 জন আৰু বঙাইগাঁও জিলাৰ 1 জনক পুনৰ আটক কৰে নিয়াই (4 suspected jihadi detained by NIA) ।

উল্লেখ্য যে, শুকুৰবাৰৰ নিশা গোৱালপাৰা জিলাৰ মৰনৈ, মাটিয়া আৰু গোবিন্দপুৰত গোৱালপাৰা আৰক্ষীৰ সহযোগত নিয়াৰ দল এটাই অভিযান চলাই পূৰ্বতে জেহাদী অভিযোগত গ্ৰেপ্তাৰ হোৱা তিনিটাকৈ জেহাদীক পুনৰ আটক কৰে । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি 2022 বর্ষৰ আগষ্ট মাহত জিলাখনৰ মাটিয়া সুন্দৰপুৰ মাদ্ৰাছাৰ পৰা জালাল উদ্দীন, মৰনৈ তিনকোণীয়াপাৰাত অৱস্থিত মাদ্ৰাছাৰ পৰা আব্দুছ ছুবাহান আৰু গোবিন্দপুৰৰ পৰা হাফিজুৰ ৰহমান মুফটি নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

জেহাদী ঘটনাৰ সৈতে নাম সাঙোৰ খোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল তিনিওকে ৷ অৱশ্যে তিনিওয়ে পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ জালাল উদ্দীন, আব্দুছ ছুবাহান আৰু হাফিজুৰ ৰহমান মুফটিক পুনৰ আটক কৰে নিয়াই । (NIA campaign against Jihadi) ।

পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে উক্ত গোচৰটোৰ তদন্তৰ ভাৰ তদন্তকাৰী সংস্থা নিয়াক অৰ্পণ কৰে । তদন্তকাৰী সংস্থা নিয়াই গোচৰটোৰ তদন্ত আৰম্ভ কৰি বিগত শুকুৰবাৰৰ নিশা গোৱালপাৰা জিলাখনৰ কেইবাঠাইতো অভিযান চলায় আৰু আব্দুছ সুবাহান, জালাল উদ্দীন আৰু হাফিজুৰ ৰহমান মুফটিক পুনৰ আটক কৰে ৷ ইয়াৰোপৰি, নিয়াই বঙাইগাঁও জিলাত অভিযান চলাই জিলাখনৰ যোগীঘোপাৰ পৰা আব্দুছ চৌহানক পুনৰ আটক কৰে (NIA mission against jihadists) ।

উল্লেখ্য যে, আটাইকেইজন আটকাধীন লোককেইজন পূৰ্বতে জেহাদী কাৰ্যকলাপৰ লগত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিবলগীয়া হৈছিল আৰু পুনৰ তদন্তৰ বাবে আটক কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক :Bhupen Borah slams BJP : ডিমা হাছাওত চৰকাৰী পৃষ্ঠপোষকতাত চলিছে ছিণ্ডিকেট; ভূপেন বৰা

ABOUT THE AUTHOR

...view details