অসম

assam

ETV Bharat / state

ভোটাৰক আকৰ্ষণ কৰিবলৈ তৃতীয় লিংগৰ অভিনৱ পদক্ষেপ

এশ শতাংশ ভোটাদান যাতে হয় তাৰ বাবে ভোটাৰক আকৰ্ষণ কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ। ভোটদান প্ৰচাৰৰ অৰ্থে তৃতীয় লিংগৰ ব্যক্তিৰ দ্বাৰা নৃত্য প্ৰদৰ্শন আৰু সমদল ।

By

Published : Mar 26, 2021, 5:48 PM IST

ভোটাৰক আকৰ্ষণ কৰিবলৈ তৃতীয় লিংগৰ অভিনৱ পদক্ষেপ
ভোটাৰক আকৰ্ষণ কৰিবলৈ তৃতীয় লিংগৰ অভিনৱ পদক্ষেপ

গোৱালপাৰা,26 মাৰ্চ : ৬ এপ্ৰিলত অনুস্থিত হ’ব ৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ আগন্তক নিৰ্বাচনত গোৱালপাৰা জিলাখনত যাতে এশ শতাংশ ভোটাদান হয় তাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে গ্ৰহন কৰিছে এক অভিনৱ পদক্ষেপ । জিলা উপায়ুক্ত বৰ্ণালী ডেকাই উপায়ুক্তৰ সভাকক্ষত শুকুৰবাৰে তৃতীয় লিংগৰ ব্যক্তি সকলৰ সৈতে ভোটদান সন্দৰ্ভত মত বিনিময় কৰে । কিদৰে সকলোৱে ভোটদান কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে সেই বিষয়ে বুজাই দিয়ে উপায়ুক্ত গৰাকীয়ে।

ইয়াৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যলয় চৌহদত তৃতীয় লিংগৰ ব্যক্তি সকলৰ দ্বাৰা গোৱালপৰীয়া নৃত্য প্ৰদৰ্শন কৰা হয় । লগতে ভোটদান প্ৰচাৰৰ অৰ্থে এক সমদল উলিওৱা হয়।

লগতে পঢ়ক: উন্নয়নৰ শ্ল’গান দি ফুৰা চৰকাৰৰ দিনত হোৱা নাই উন্নয়ন:সুস্মিতা দেৱ

ABOUT THE AUTHOR

...view details