অসম

assam

ETV Bharat / state

কৰ'ণাত আক্ৰান্ত 3 জনক কৰ'ণা মুক্ত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - কৰ'ণা মুক্ত তিনিওজনক কিছুদিনৰ বাবে ৰখা হ'ব Observation ত ৷ তিনিওজনৰ থকা আৰু খোৱাৰ সম্পূৰ্ণ খৰছ ৰাজ্য চৰকাৰে৷

কৰ'ণা মুক্ত তিনিওজন ব্যক্তিক কিছুদিনৰ বাবে ৰখা হ'ব Observationত ৷ তিনিওজনৰ থকা আৰু খোৱাৰ সম্পূৰ্ণ খৰছ বহন কৰিব ৰাজ্য চৰকাৰে ৷

3Peoples of Assam now free of COVID19
COVID19 ত আক্ৰান্ত 3জনক কৰ'ণা মুক্ত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Apr 16, 2020, 4:48 PM IST

গোৱালপাৰা,16 এপ্ৰিলঃ অৱশেষত COVID19ত আক্ৰান্ত অসমৰ 3 গৰাকীকৈ লোকক কৰ'ণা মুক্ত ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ আজি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ তিনিওগৰাকী ৰোগীক আইচ'লেশ্যনৰ পৰা মুকলি কৰি দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাও ৷ উল্লেখযোগ্য যে,গোৱালপাৰাত 4 জনকৈ লোকক COVID19 আক্ৰান্ত ব্যক্তি হিচাপে চিনাক্ত কৰা হৈছিল ৷

COVID19 ত আক্ৰান্ত 3জনক কৰ'ণা মুক্ত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ইপিনে,সুদীৰ্ঘ 15 দিনৰ চিকিৎসাৰ অন্তত তিনিওজনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় যদিও আৰু কিছুদিনৰ বাবে তিনিওজন ৰোগীক Observation ত ৰখা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে এই সময়ত তিনিওজনৰ থকা আৰু খোৱাৰ সম্পূৰ্ণ খৰছ ৰাজ্য চৰকাৰে বহন কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালকক নিলম্বন

ABOUT THE AUTHOR

...view details