গোৱালপাৰা, 4 চেপ্তেম্বৰঃ NRC ত নাম নাহিল গোৱালপাৰাৰ কোঁচ, ডালু, হাজং, বানাই আৰু গাৰো সম্প্ৰদায় লোকৰ ৷ 1964 চনতে পূৱ পাকিস্তানৰ পৰা অহা শৰণাৰ্থী হিচাপে পৰিচয় পত্ৰ লাভ কৰিছিল লোকসকলে ৷ ভাৰত চৰকাৰৰ আহ্বান মৰ্মে পূৱ পাকিস্তানৰ পৰা ভাৰতলৈ 1964 আহিছিল এইসকল লোক । ধৰ্মীয় আতিশায্যৰ সন্মুখীন হৈ সমগ্ৰ সা-সম্পত্তি আৰু নিজৰ আপোন ঘৰখন এৰি হাড়ে-হিমজুয়ে ভাৰতীয় হ'বলৈ অহা গোৱালপাৰাৰ এই লোকসকলৰ 90 শতাংশ নাম অন্তৰ্ভুক্ত ন'হল NRC ত ৷
NRC ত নাম নাহিল পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰ
ধৰ্মীয় আতিশায্যৰ সন্মুখীন হৈ সমষ্ট সা-সম্পত্তি আৰু নিজৰ আপোন ঘৰখন এৰি হাড়ে-হিমজুয়ে ভাৰতীয় হ'বলৈ অহা গোৱালপাৰাৰ এই লোকসকলৰ 90 শতাংশ নাম অন্তৰ্ভুক্ত ন'হল NRC ত ৷
NRC ত নাম নাহিল পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰ
সেই সময়ৰ চৰকাৰে শৰণাৰ্থী হিচাপে প্ৰমাণ পত্ৰ আৰু নাগৰিকত্বৰ পত্ৰ প্ৰদান কৰিছিল এই লোকসকলক ৷ কিন্তু তাৰ পাচতো মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসীনি মিলনপাৰা গাঁৱৰ 140 টা পৰিয়ালৰ ভিতৰত 38 টা পৰিয়ালৰ কোনো সদস্যৰ নাম নোসোমাল NRCত ।