নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ:ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুৰ্ঘটনাৰ ঘটনা ৷গোৱালপাৰাত শনিবাৰৰ নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । বাইকেৰে নিজ ঘৰলৈ গৈ থকা অৱস্থাত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় দুই যুৱক । নিহত যুৱক দুগৰাকী অনন্ত ৰাভা আৰু বিকাশ ৰাভা বুলি জানিব পৰা গৈছে । মৃত দুই যুৱকৰ দুয়োৰে ঘৰ মেঘালয়ৰ থাপানদাগিৰীত বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, 9 ছেপ্টেম্বৰৰ নিশা গোৱালপাৰা জিলাৰ ধূপধৰাৰ দেওশিলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুজনকৈ যুৱক । জানিব পৰা মতে, শনিবাৰৰ নিশা প্ৰায় 11 বজাত ধুপধৰা আৰক্ষী থানাৰ অন্তৰ্গত দেওশিলাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ যুৱক দুগৰাকীয়ে বাইকেৰে ধুপধৰাৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাতে পিছফালৰ পৰা তীব্ৰ গতিত অহা এক অচিনাক্ত বাহনে খুন্দিয়াই দিয়ে বাইকখনক ।