গোৱালপাৰা, 20 এপ্ৰিল :গোৱালপাৰাত মঙলবাৰে ১৯ জন লোক ক’ৰণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, আজি ১,৫৬৫ গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট আৰু ২৯৪ গৰাকী লোকক আৰটিপিচিআৰ টেষ্ট কৰা হয় ৷ ইয়াৰে ১৯ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ । আক্ৰান্তসকলৰ ৪ গৰাকী আগিয়াৰ, এগৰাকী মাটিয়াৰ, ৪ গৰাকী ৰংজুলিৰ আৰু ১০ গৰাকী গোৱালপাৰা চহৰৰ বুলি জানিব পৰা গৈছে ।
গোৱালপাৰাত পুনৰ ১৯ গৰাকী ক’ৰণাত আক্ৰান্ত
গোৱালপাৰাৰ শোলমাৰী আগিয়া চাৰিলেন যুক্ত পথৰ কামৰ দায়িত্বত থকা বহিঃৰাজ্যৰ আন ২০ গৰাকী লোকৰ দেহতো ধৰা পৰে ক’ভিড পজিটিভ ।
গোৱালপাৰাত পুনৰ ১৯ জন ক’ৰণাত আক্ৰান্ত
আনহাতে শোলমাৰী আগিয়া চাৰিলেন যুক্ত পথৰ কামৰ দায়িত্বত থকা বহিঃৰাজ্যৰ আন ২০ গৰাকী লোকৰ দেহতো ধৰা পৰে ক’ভিড পজিটিভ । ইয়াৰ লগতে জিলাখনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৮৬ গৰাকীলৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক :কাছাৰৰ ৪৬৩ নং ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে শান্তিপূৰ্ণ ভোটগ্ৰহণ