অসম

assam

ETV Bharat / state

যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ডিমা হাচাও - Youth congress protest against Govt policy at Dima-hasao

ক'লা বেজ পৰিধান কৰি হাফলং জিলা উপযুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ সদস্য সকলে ৷

Youth congress protest against Govt policy at Dima-hasao
যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ডিমা হাচাও

By

Published : Sep 25, 2020, 4:05 PM IST

ডিমা হাচাও, 25 ছেপ্তেম্বৰ: ডিমা হাছাও জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বিৰোধিতাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক,খেতিয়ক তথা জন বিৰোধী নীতিৰ বিৰুদ্ধে হাফলঙত যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ প্ৰতিবাদ ৷ শুকুৰবাৰে ক'লা বেজ পৰিধান কৰি হাফলং জিলা উপযুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ সদস্য সকলে ৷ অচিৰেই এই বিল প্ৰত্যাহাৰৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ডিমা হাচাও

উল্লেখ্য যে, 2019 চনৰ 25 ছেপ্টেম্বৰত ডিমা হাছাও জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বিষয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই এখন চুক্তি স্বাক্ষৰ কৰে ৷ কিন্তু এই পঞ্চায়তীৰাজ ব্যৱস্থা কেতিয়াও মানি লোৱা নহ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ডিমা হাছাও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সজেছ কেম্প্ৰাইয়ে৷ কিয়নো ষষ্ঠ অনুসূচীৰ অধীনত থকা ডিমা হাছাও জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন হ'লে স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা কিছু হ্ৰাস পাব৷ এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ চেষ্টা চলালে পৰৱৰ্তী সময়ত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সজেছ কেম্প্ৰাইয়ে ৷

লগতে পঢ়কঃ কৃষি বিধেয়কৰ প্ৰতিলিপি দাহেৰে বিৰোধ প্ৰদৰ্শন আছুৰ

ABOUT THE AUTHOR

...view details