ডিমা হাছাও, ২১ছেপ্টেম্বৰ:ডিমা হাছাও জিলাত বনধ্বংস অব্যাহত আছে । চোৰাং ব্যৱসায়ীসকলে জিলাখনত অবাধে বন ধ্বংস কৰিছে । উচ্চতম ন্য়ায়ালয়ে বনধ্বংসৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলেও একাংশ চোৰাং ব্যৱসায়ী আৰু বনমাফিয়াই বন ধ্বংস চলাই গৈ আছে পাহাৰীয়া জিলাখনত (Deforestation in Dima Hasao) ।
বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা (Timber smuggling in Assam)।
উল্লেখ্য় যে, এই বন ধ্বংসৰ ফলতেই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে । বিশেষকৈ ডিমা হাছাও জিলাৰ উদ্যোগ (Wood smuggling in Dima Hasao) নগৰী হিচাপে পৰিচিত উমৰাংচ'ত এনে ধৰণৰ গছৰ চোৰাং বেহা দিনে দিনে বৃদ্ধি হৈ আছে বুলি অভিযোগ উত্থাপিত হৈ আছে ।