ডিমা হাছাও, ১৯ এপ্ৰিল :অব্যাহত আছেকাঠফুলাৰ ট্ৰেজেডী । চিকিৎসাধীন অৱস্থাতে পুনৰ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচুৰ ৮ কিলো অঞ্চলত ১৩ এপ্ৰিলত বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰিছিল ৮ গৰাকীকৈ লোক ৷ তদুপৰি প্ৰাণ হেৰুৱাইছিল এগৰাকীয়ে ।
গুৰুতৰভাৱে অসুস্থ ৮ গৰাকীকৈ লোকক চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও ইয়াৰে দুগৰাকীৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে প্ৰকাশ কৰে । কিন্তু মঙলবাৰে পুৱা সুজাতা তামং নামৰ মহিলাগৰাকীৰ মৃত্যু ঘটে ।