ডিমা হাছাও, ২৬ মে': তথ্য প্ৰযুক্তিৰ দিশত দেশখন বহু খিনি আগবাঢ়ি গৈছে যদিও এতিয়াও কিছুমান অঞ্চলত অন্ধবিশ্বাসৰ ধাৰা অব্যাহত আছে । বিশেষকৈ অসমৰ কিছু কিছু অঞ্চলত একাংশ লোক বিজ্ঞানৰ যুগত অন্ধবিশ্বাসৰ বলি হোৱা দেখা গৈছে । ডিমা হাছাওৰ অন্যতম এখন জিলা য'ত এতিয়াও ডাইনী সন্দেহৰ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ।পুনৰ ডাইনীৰ দৰে অন্ধবিশ্বাসৰ বলি হ'ল জিলাখনৰ সাংবাৰ ব্লকৰ অন্তৰ্গত বাম্প্ৰি গাঁৱৰ এগৰাকী মহিলা । ডাইনী সন্দেহত একাংশ যুৱকে হত্যাৰ চেষ্টা কৰে মহিলাগৰাকীক ।
বিগত ২০ মে' দিনৰ প্ৰায় ১১ মান বজাত সংঘটিত হয় এই ঘটনা । কিন্তু এই জঘন্য ঘটনাটো মঙলবাৰেহে পোহৰলৈ আহে । জানিব পৰা মতে ৩৯ বছৰীয়া এগৰাকী মহিলাক ডাইনী সন্দেহত গাঁৱৰ একাংশ যুৱকে নৃশংসভাৱে শাৰীৰিক নিৰ্যাতন চলায় । বাংপ্রি গাৱঁৰ মহিলা গৰাকীক গাঁৱখনৰ একাংশ যুৱকে ডাইনী সন্দেহত নিজৰ ঘৰৰ পৰা চোঁচৰাই লৈ যায় আৰু এটা ঘৰত আবদ্ধ কৰি বাঁহেৰে মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলায় ।