ডিমা হাছাও, 17 জুলাই :ৰাজ্যত পুনৰ উত্থাপিত হৈছে দুৰ্নীতিৰ আন এক অভিযোগ ৷ এইবাৰ শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ 27 আৰু 54 ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিম বাংলোৰ পৰা জাতিংগা হাৰেংগাজাও লৈকে যোৱা ঘাইপথ চোৱাত নিৰ্মাণৰ নামত দুৰ্নীতি সংঘতিত হোৱাৰ এক অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে ডিমাচা ছাত্ৰ সন্থাই (Dimasa Student's Union)৷
শুকুৰবাৰে ডিমাচা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক প্ৰমিত চেংয়ঙে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা নিৰ্মাণৰ নামত হোৱা সমস্ত দুৰ্নীতিৰ তথ্য দাঙি ধৰে ৷ অভিযোগ অনুসৰি, শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰিম বাংলোৰ পৰা জাতিংগা 24 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 20 কোটি আৰু জাতিংগাৰ পৰা হাৰেংগাজাও লৈকে 25 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 54 কোটি টকাৰ পুঁজি আৱন্টন দিয়া হৈছিল ৷ কোটি টকা ব্যয় সাপেক্ষে ধাৰ্য কৰা এই পথচোৱা নিৰ্মাণৰ নামত ৰত্না আৰু লক্ষ্মী মটৰচ নামৰ প্ৰতিষ্ঠানে দুৰ্নীতিৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ডিমাচা ছাত্ৰ সন্থা ৷
ডিমাচা ছাত্ৰ সন্থাই অভিযোগ কৰা অনুসৰি, এই ঘাই পথচোৱা নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ প্ৰসংগত 2020 চনৰ 29 অক্টোবৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গডকাৰীক (Nitin Gadkari) এখন স্মাৰকলিপি প্ৰদান কৰা হৈছিল ছাত্ৰ সন্থাৰ ফালৰ পৰা ৷ কিন্তু তাৰো সদোত্তৰ নাপালে ডিমাচা ছাত্ৰ সন্থাই ৷ এই ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ গাফিলতি থকা বুলি উল্লেখ কৰে ডিমাচা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ঙে ৷