ডিমা হাছাও, ৩১ মে' :শেহতীয়াকৈ বানপানী আৰু ভূমিস্খলনত বিস্তৰ ক্ষতি হৈছে অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ (Flood and landslide in Dima Hasao)। বহু গুৰুত্বপূৰ্ণ বাট-পথ ধ্বংসস্তুপত পৰিণত হৈছে । ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈছে বহু লোক । বহু চৰকাৰী সম্পত্তিও ধ্বংসস্তুপত পৰিণত হৈছে ।
জানিব পৰা মতে ডিমা হাছাও জিলাত এই সময়চোৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩৫ খন আঁচনি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে (35 water supply schemes destroyed in Dima Hasao)। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সত্যব্ৰত নাথে এই কথা সদৰি কৰে । মঙলবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাফলং ডিভিচনৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়ে যে যোৱা ১৪ মে'ত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহু আঁচনি বিধস্ত হৈ পৰিছে (Water supply scheme destroyed due to natural calamities)। তেওঁ কোৱা মতে বিশেষকৈ হাফলঙৰ পানী যোগান আঁচনিৰ প্ৰকল্প বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ।
কাৰ্যবাহী অভিযন্তাগৰাকীয়ে জনোৱা মতে হাফলং চহৰৰ বাবে প্ৰায় ১৭ কিলোমিটাৰ দূৰত থকা জাতিংগা পাহাৰৰ পৰা ৬ ইঞ্চি জিআই পাইপৰ জৰিয়তে পানী অনা হয় । ইয়াৰ বাবে আছে দুখন গ্ৰেভিটি লাইন । কিন্তু ভূমিস্খলনৰ ফলত মুঠ ২৫ টা স্থানত এই দুখন গ্ৰেভিটি লাইন সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰিছে ।