ডিমা হাছাও, 6 জুন: বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰি পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সফল হৈছে হাফলঙৰ এখন আৱাসিক বিদ্যালয় । হাফলঙৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত চনটিলাত থকা জৱাহৰ নবোদয় আৱাসিক বিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰি একপ্ৰকাৰে পানীৰ সমস্যাৰ সমাধান কৰিলে বিদ্যালয় কৰ্তৃপক্ষই ।
ডিমাহাচাওত বিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা ডিমা হাছাও জিলাত পানীৰ সমস্যা বহু দিনৰ । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনত এই পাহাৰীয়া জিলাখনক অন্তৰ্ভুক্ত কৰা হৈছে ৷ ডিমা হাছাও জিলাৰ চাৰিফালে পানীৰ বাবে হাহাকাৰ অৱস্থা । এই হাহাকাৰ পৰিস্থিতিৰ মাজতে চনটিলাত থকা নৱোদয় বিদ্যালয়ে পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এক সাফল্য লাভ কৰিছে ।
হাফলঙৰ এই আৱাসিক বিদ্যালয়ত সৰ্বমুঠ 400 ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী সৰবৰাহৰ ব্যৱস্থা ৷ বিদ্যালয়খন স্থাপিত হোৱাৰ পাচতে পানীৰ বাবে ব্যাপক সমস্যাত ভুগিব লগা হৈছিল ছাত্ৰ-ছাত্ৰীসকল ৷ বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিবছৰে 8 লাখ টকা ব্যয়েৰে ছাত্ৰ-ছাত্ৰীৰ বাবে পানী ক্ৰয় কৰিব লগা হৈছিল । ইয়াৰ পাচত জৱাহৰ নবোদয় বিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ আৱাসিক ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ অন্যান্য কৰ্মচাৰী আৰু বিদ্যালয় কেম্পাছত থকা শিক্ষক শিক্ষয়ত্ৰী সকলৰ বাবে পানী যোগানৰ ব্যৱস্থা কৰে ।
বিদ্যালয়ৰ অধ্যক্ষ ৰামঅৱতাৰ বুদৰাকে জানিবলৈ দিয়ে যে, পানীৰ সমস্যাৰ সমাধানৰ বাবে তেওঁলোকে বিদ্যালয়ৰ কেম্পাছৰ ভিতৰতে 2 লাখ লিটাৰ পানী মজুত কৰি ৰখাৰ বাবে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা হাতত লয় । অধ্যক্ষগৰাকীয়ে লগতে কয় যে, জনস্বাস্থ্য কাৰিকৰী বিভাগে এই বিদ্যালয়ত পানী যোগানৰ বাবে 2 কোটি 56 লক্ষ টকাৰ এক প্ৰকল্প গঢ়ি তোলাৰ বাবে এক প্ৰস্তাৱ দিছিল কিন্তু শ্বিলঙস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ আঞ্চলিক কাৰ্যালয়ে এই প্ৰস্তাৱ বাতিল কৰাত বিদ্যালয়খনে 4 লাখ 85 হাজাৰ টকা ব্যয় কৰি চনটিলৰ পৰা কিছু দূৰত্বত থকা মাবও গাঁৱৰ পানীৰ এটা উৎসস্থলৰ পৰা পানী সৰবৰাহ কৰাৰ বাবে পাইপ লাইন স্থাপন কৰে ৷ যাৰ বাবে এতিয়া বিদ্যালয়খনত পানীৰ সমস্যাৰ অন্ত পৰে ৷
উল্লেখ্য যে, এই আৱাসিক বিদ্যালয়ৰ বাবে দৈনিক 50 হাজাৰৰ পৰা 60 হাজাৰ লিটাৰ পানীৰ প্ৰয়োজন হয় । এতিয়া বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰি খোৱাপানীৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ পানীৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে বিদ্যালয় কৰ্তৃপক্ষ । ডিমা হাছাও জিলাত পানীৰ সমস্যা এক বৃহৎ সমস্যা আৰু বছৰি 700 ছেন্টিমিটাৰ বৰষুণ হয় যদিও সমগ্ৰ জিলখনতে পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
লগতে পঢ়ক: নীপকোৱে এৰি দিয়া পানীয়ে জল প্ৰলয় মাতিছে লখিমপুৰত