ডিমা হাছাও, ২৪ আগষ্ট: পৰ্যটকক অধিক আকৰ্ষিত কৰাৰ বাবে অসমত আৰম্ভ কৰা হ'ব ভিষ্টাডম ৰে'ল সেৱা । ২৮ আগষ্টত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰে গুৱাহাটী আৰু হাফলঙৰ মাজত এই ভিষ্টাডম ৰে'ল সেৱা উদ্বোধন কৰিব । প্ৰথমতে এই বিশেষ ৰে'লখন গুৱাহাটীৰ পৰা পাহাৰীয়া জিলা ডিমা হাছাওলৈ চলিব ।
প্ৰতি বছৰে পাহাৰৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰাৰ বাবে ডিমা হাছাও জিলালৈ পৰ্যটকৰ আগমন ঘটে । বৰ্তমান ক'ভিড পৰিস্থিতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণলৈ অহা বাবে ডিমা হাছাও জিলাত পৰ্যটকৰ পুনৰ আগমণ ঘটিছে । সেয়েহে, পৰ্যটকৰ সুবিধাৰ্থে ৰে'ল বিভাগে ভিষ্টাডম ৰে'ল সেৱা আৰম্ভ কৰাৰ বাবে যো-জা চলাইছে । এই বিশেষ ৰে'লত পৰ্যটকৰ বাবে কেতবোৰ সুবিধা উপলব্ধ কৰা হৈছে ।
২৮ আগষ্টত গুৱাহাটী হাফলঙৰ মাজত আৰম্ভ হ'ব ভিষ্টাডম ৰে'ল সেৱা যাত্ৰীয়ে ৰে'লৰ আসনবোৰ ১৮০ ডিগ্ৰী পৰ্যন্ত ঘূৰাই নিজৰ ইচ্ছা মতে বহিব পাৰিব । খিৰিকীবোৰত ডাঙৰ ডাঙৰ গ্লাছ থকাৰ বাবে ডিমা হাছাও জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য্য সুন্দৰকৈ উপভোগ কৰিব পাৰিব পৰ্যটকসকলে ।
এই ৰে'লখনৰ ওপৰৰ অংশতো গ্লাছ ব্যৱহাৰ কৰা থাকে, যাৰ বাবে ৰে'লৰ ভিতৰৰ পৰাই আকাশখন দেখা পোৱা যাব ।
লগতে ৰে'লৰ প্ৰতিটো দবাত থাকিব চি চি টিভি কেমেৰা, এল ই ডি স্ক্ৰীণ, এয়াৰ কণ্ডিশ্যনৰ সুবিধা । মুঠতে পৰ্যটতকে যাত্ৰা কালৰ আনন্দ ল'ব পাৰিব । গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনলৈ চলিবলগীয়া ভিষ্টাডম ৰে'লত ৭টা দবা থাকিব । সপ্তাহত দুদিন চলিব এই ভিষ্টাডম ৰে'ল । প্ৰতি বুধবাৰ আৰু শনিবাৰে পৰ্যটকৰ বাবে এই বিশেষ ৰে'লখন গুৱাহাটীৰ আৰু হাফলঙৰ মাজত চলাচল কৰিব ।
২৮ আগষ্টত গুৱাহাটী হাফলঙৰ মাজত আৰম্ভ হ'ব ভিষ্টাডম ৰে'ল সেৱা গুৱাহাটীৰ পৰা ৰাতিপুৱা ৬.৩৫ বজাত ৰে'লখনে যাত্ৰা আৰম্ভ কৰিব আৰু দিনৰ ১১.৫৫ বজাত নিউ হাফলং ষ্টেচনত পাবগৈ । নিউ হাফলং ষ্টেচনৰ পৰা আকৌ বিয়লি ৫ বজাত ৰে'লখন গুৱাহাটী অভিমুখে যাত্ৰা কৰিব আৰু গৈ নিশা ১০.৪৫ বজাত গুৱাহাটী পাব বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।
উল্লেখ্য যে, ২৮ আগষ্টত প্ৰথমে নিউ হাফলঙলৈ যাত্ৰা কৰিব ভিষ্টাডম ৰে'ল । ইতিমধ্যে এই বিশেষ ৰে'ল সেৱা আৰম্ভ কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰ পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।
লগতে পঢ়ক:সামৰণি পৰিল তিনিদিনীয়া জন আশীৰ্বাদ যাত্ৰাৰ