ডিমা হাছাও,26 জুন: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত নৱম স্থান দখলেৰে হাফলঙলৈ গৌৰৱ কঢ়িয়াই আনে উৎপল ৰাজ কেম্প্ৰাইয়ে । গড়কাপ্তানি বিভাগৰ কৰ্মী লাভদ্ৰ কেম্প্ৰাই আৰু শিক্ষয়িত্ৰী হেলোবি কেম্প্ৰাইৰ কণিষ্ঠ পুত্ৰ উৎপলে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰ গৰাকীয়ে বিজ্ঞান শাখাত 474 নম্বৰ লাভেৰে নৱম স্থান দখল কৰে ৷ সম্প্ৰতি গণিত বিষয়ক গুৰু বিষয় হিচাপে গ্ৰহণ কৰি স্নাতক পৰ্যায়ৰ শিক্ষাগ্ৰহণৰ অন্তত পিএইচডি কৰাৰ ইচ্ছা প্ৰকাশ কৰে মেধাৱী ছাত্ৰগৰাকীয়ে ৷ সমান্তৰালকৈ ইণ্ডিয়ান ৰিচাৰ্ছ ইনষ্টিটিউটত অধ্যয়ন কৰাৰ পৰিকল্পনা পুহি ৰখাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে উৎপলে ৷
বিজ্ঞান শাখাত নৱম স্থান দখলেৰে সুখ্যাতি কঢ়িয়ালে উৎপল ৰাজে - উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা
বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিজ্ঞান শাখাত নৱম স্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনে হাফলঙৰ উৎপল ৰাজ কেম্প্ৰাইয়ে ৷ 474 নম্বৰ লাভেৰে এই স্থান দখল কৰিবলৈ সক্ষম হৈছে ছাত্ৰগৰাকীয়ে ৷
উৎপল ৰাজৰ বিজ্ঞান শাখাত নৱম স্থান