অসম

assam

By

Published : Aug 17, 2020, 5:19 PM IST

ETV Bharat / state

আনলক্ থ্ৰী: ডিমা হাছাওত চৰকাৰী নিয়ম উলংঘা

সোমবাৰৰ পৰা ৰাজ্য চৰকাৰে জাৰি কৰা আনলক্ থ্ৰীৰ নিয়ম ভংগ কৰিছে ডিমা হাছাওবাসীয়ে ৷ সামাজিক স্থানত মাক্স পৰিধান আৰু বাধ্যতামূলক, সামাজিক দূৰত্ব বর্তাই ৰখাৰ নিৰ্দেশ জাৰি কৰাৰ পাচতো চহৰখনত এই নিয়ম ভংগ কৰিছে স্থানীয় ৰাইজে ৷

government rules break at Dima Hasao
ডিমা হাছাওত চৰকাৰী নিয়ম উলংঘা

ডিমা হাছাও, 17 আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাতো সোমবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ আনলক্ প্ৰক্ৰিয়া ৷ ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফলত জিলাখনত ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাচতো স্থানীয় ৰাইজে চৰকাৰী নীতি-নিয়ম উলংঘা কৰা পৰিলক্ষিত হৈছে ৷ লগতে স্থানীয় ৰাইজে মানি চলা নাই স্বাস্থ্য বিধি ৷

ডিমা হাছাওত চৰকাৰী নিয়ম উলংঘা

উল্লেখ্য যে, চৰকাৰে আনলক্ থ্ৰীত বহু নিয়ম শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলেও সাধাৰণ ৰাইজক স্বাস্থ্য বিধি মানি চলাৰ নিৰ্দেশ দিয়ো ৷ চৰকাৰে সামাজিক স্থানত মাক্স পৰিধান আৰু বাধ্যতামূলক সামাজিক দূৰত্ব বর্তাই ৰখাৰ নিৰ্দেশ জাৰি কৰে ৷ কিন্তু ডিমা হাছাও চহৰত এই চৰকাৰী নিয়ম উলংঘা কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:নলবাৰীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details