ডিমা হাছাও,11 মে':ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ সময়ত হাফলং অসামৰিক চিকিৎসালয়ত কৰ'ণা আক্ৰান্ত ৰোগীৰ বাবে নাই আইচিইউৰ ব্যৱস্থা । প্ৰধানমন্ত্ৰীৰ আৰোগ্য পুঁজিৰ পৰা সাহায্য হাফলং অসামৰিক চিকিৎসালয়ত আইচিইউ স্থাপনৰ বাবে দিয়া হয়, যদিও বৰ্তমানলৈকে চিকিৎসালয়খনত নাই এই সুবিধা ৷ হাফলং অসামৰিক চিকিৎসালয়ত আইচিইউৰ ব্যৱস্থা নথকাৰ বাবে কৰ'ণাত আক্ৰান্ত গুৰুতৰ ৰোগীক গুৱাহাটীলৈ প্ৰেৰণ কৰিবলগা হৈছে । ডিমা হাছাও জিলাৰ 4 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ।
ডিমা হাছাও জিলাত উন্নত চিকিৎসা ব্যৱস্থা নথকাৰ বাবে এতিয়া চিকিৎসকৰ পৰা আৰম্ভ কৰি ৰোগীসকলে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগা হৈছে । মঙলবাৰে হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে এই কথা স্বীকাৰ কৰে । তেওঁ কয় যে হাফলং অসামৰিক চিকিৎসালয়ত আইচিইউৰ কাম চলি আছে । চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডৰ এটা ভৱনত 11 বিচনা যুক্ত আইচিইউ নিৰ্মাণৰ কাম চলি আছে ।