ডিমা হাছাও 5 ফেব্ৰুৱাৰী:- হত্যাকাণ্ডৰ 16 ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ব কৰাত সক্ষম হ’ল উমৰাংচু আৰক্ষী । উল্লেখযোগ্য যে, উমৰাংচুত যোৱা 3 ফেব্ৰুৱাৰীত সংঘটিত এটা হত্যাৰ লগত জড়িত দুটা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে উমৰাংচু আৰক্ষীয়ে। ঘটনা অনুসৰি যোৱা 3 ফেব্ৰুৱাৰী উমৰাংচু 14 কিলো এলেকাৰ চন্দ্ৰকুমাৰ সিনহা নামৰ এগৰাকী গাড়ীৰ চালকক মৰিয়াই মৰিয়াই হত্যা কৰিছিল বিজয় শিল আৰু শংকৰ দাস নামৰ ব্যক্তি দুজনে । কিন্তু এই হত্যাকাণ্ড সংঘটিত হোৱাৰ 16 ঘণ্টাৰ ভিতৰত দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উমৰাংচু আৰক্ষী।
উমৰাংচু আৰক্ষীয়ে 16 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীক - চন্দ্ৰকুমাৰ সিনহা
উমৰাংচুত যোৱা 3 ফেব্ৰুৱাৰীত সংঘটিত এটা হত্যাৰ লগত জড়িত দুটা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে উমৰাংচু আৰক্ষীয়ে। ঘটনা অনুসৰি যোৱা 3 ফেব্ৰুৱাৰী উমৰাংচু 14 কিলো এলেকাৰ চন্দ্ৰকুমাৰ সিনহা নামৰ এগৰাকী গাড়ীৰ চালকক মৰিয়াই মৰিয়াই হত্যা কৰিছিল বিজয় শিল আৰু শংকৰ দাস নামৰ ব্যক্তি দুজনে ।
![উমৰাংচু আৰক্ষীয়ে 16 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীক উমৰাংচু আৰক্ষীয়ে 16 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10508763-129-10508763-1612514175157.jpg)
ইপিনে দুই হত্যাকাৰীয়ে আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত হত্যাকাণ্ডটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে । উমৰাংচু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুমণি হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যোৱা 3 ফেব্ৰুৱাৰী নিশা 9 বাজি 30 মিনিটত পে’ট্ৰলিঙৰ সময়ত পথৰ ওচৰত এজন ব্যক্তিক পৰি থকা দেখি উদ্ধাৰ কৰি উমৰাংচু প্ৰাথমিক চিকিৎসালয়ত লৈ অনাৰ পিছতে চিকিৎসকে ব্যক্তি জনৰ মৃত্যু হোৱা বুলি জনায়। আনহাতে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান নামি হত্যাকাৰীক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃ চিৰাঙৰ কাজলগাঁৱত BPFৰ পঞ্চম বাৰ্ষিক অধিবেশন