ডিমা হাছাও,২০ নৱেম্বৰ :অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচুত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ফেলকন মহোৎসৱ (Falcon Festival) । শুক্ৰবাৰে সন্ধিয়া উমৰাংচু টুংবুং গাঁওৰ কপিলী হ্ৰদৰ কাষত ফেলকন মহোৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই (Debolal Gorlosa) । এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পাৰ্বত্য পৰিষদ খনৰ কাৰ্যনিৰ্বাহক সদস্য নজিত কেম্প্ৰাই, লালচিয়ামে ডাৰনে, চীফ কনজার্ভেটৰ ফৰেষ্ট এছ টুংনোং, পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই, স্থানীয় পৰিষদ সদস্য জয়ছিং দুৰঙৰ লগতে বিভিন্নজন ।
উদ্বোধনী অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই কয় যে পৰিভ্ৰমী আমুৰ ফেলকন পক্ষী আমাৰ অতিথি আৰু ফেলকন মহোৎসৱ আৰম্ভ হোৱাৰ পিছৰে পৰা ইয়াত ফেলকন পক্ষীৰ হত্যা বন্ধ হৈছে । স্থানীয় লোকৰ মাজতো সজাগতা বৃদ্ধি হৈছে । চীফ কনজার্ভেটৰ ফৰেষ্ট এছ টুংনোংয়ে কয় যে চীন, চাইবেৰিয়াৰ পৰা এই পৰিভ্ৰমী আমুৰ ফেলকন পক্ষী ২২ হাজাৰ পথ ভ্ৰমণ কৰি দক্ষিণ আফ্ৰিকা চোমালিয়া লৈ যায় । যোৱাৰ পথত ডেৰ দুই মাহ এই পৰিভ্ৰমী আমুৰ ফেলকন পক্ষী ইয়াতে অৱস্থান কৰে ।
ফেলকন মহোৎসৱৰ এইবাৰৰ থীম হৈছে পৰিভ্ৰমী আমুৰ ফেলকন (Amur falcon) পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষা । ইফালে ফেলকন মহোৎসৱৰ আহ্বায়ক যশৰিংডাও ফংলোয় কয় যে এইবাৰ ফেলকন মহোৎসৱলৈ হাৰিয়ানা, ৰাজস্থান, চিমলা, জম্মু আৰু কাশ্মীৰৰ পৰা পৰ্যটকসকল আহিছে । ইয়াৰ উপৰিও উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্য আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা এই ফেলকন মহোৎসৱ উপভোগ কৰিবলৈ বহু পৰ্যটকৰ আগমন ঘটিছে ।