অসম

assam

ETV Bharat / state

উমৰাংচু নগৰ সমিতিৰ দৰপত্ৰ আহ্বানঃ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ - উমৰাংচো নগৰ সমিতি

ডিমা হাছাও জিলাৰ শিল্প নগৰী হিচাপে পৰিচিত উমৰাংচু চহৰত বিভিন্ন উন্নয়ন মূলক কামৰ বাবে উমৰাংচু নগৰ সমিতিয়ে আহ্বান কৰা দৰপত্ৰকলৈ এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

umrangso town commitee story
উমৰাংচো নগৰ সমিতিৰ দৰপত্ৰ আহ্বানঃ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ

By

Published : Oct 29, 2020, 8:56 PM IST

ডিমা হাছাও, 29 অক্টোবৰ: ডিমা হাছাও জিলাৰ শিল্প নগৰী হিচাপে পৰিচিত উমৰাংচু চহৰত বিভিন্ন উন্নয়ন মূলক কামৰ বাবে উমৰাংচু নগৰ সমিতিয়ে আহ্বান কৰা দৰপত্ৰকলৈ এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। উমৰাংচু নগৰ সমিতিৰ অধ্যক্ষ আৰু উপ-অধ্যক্ষৰ মাজত এতিয়া বিষয়টোক লৈ আৰম্ভ হৈছে বাক যুদ্ধৰ।

উমৰাংচু নগৰ সমিতিৰ দৰপত্ৰ আহ্বানকলৈ বৃহস্পতিবাৰে উমৰাংচু নগৰ সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ নগৰ সমিতিৰ অধ্যক্ষ ডেনিছ টেৰণে কয় যে,সকলো নিয়ম মানি উমৰাংচু নগৰ সমিতিৰ দৰপত্ৰ আহ্বান কৰা হৈছে ইমানেই নহয়, উমৰাংচু নগৰ সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সকলৰ লগত আলোচনা কৰি এই দৰপত্ৰ আহ্বান কৰা হৈছিল বুলি কয় ডেনিছ টেৰণে।

লগতে পঢ়ক: ভাস্কৰ অপ্সৱেলৰ সৈতে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা'

ABOUT THE AUTHOR

...view details