অসম

assam

ETV Bharat / state

বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান উমৰাংছুবাসী - ডিমা হাছাও

ডিমা হাছাওৰ উমৰাংছুত বন্যহস্তীৰ উপদ্ৰৱ। উমৰাংছুৰ কুক্ৰিলাংছ', চিকিলাংছ', ছোটলোকহিংড, আৰু চিৰিলাংছ' গাঁৱত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ। বন্যহস্তীয়ে তহিলং কৰিলে ৪ গাঁৱৰ খেতিপথাৰ।

বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান উমৰাংছুবাসী
বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান উমৰাংছুবাসী

By

Published : Oct 31, 2020, 1:25 PM IST

ডিমা হাছাও, ৩১ অক্টোবৰ: বন্যহস্তীৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে ডিমা হাছাওৰ উমৰাংছুৰ ৪ খন গাঁৱৰ ৰাইজ। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ বৃহৎ জাকে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে পথাৰৰ শস্যও নষ্ট কৰে।

শুক্ৰবাৰে উমৰাংছুৰ কুক্ৰিলাংছ', চিকিলাংছ', ছোটলোকহিংড, আৰু চিৰিলাংছ' গাঁৱত ত্ৰাসৰ সৃ্ষ্টি কৰে বনৰীয়া হাতীয়ে। গাঁওকেইখনৰ কেইবাটাও বাসগৃহ তচনচ কৰে হাতীৰ জাকটোৱে। খেতিপথাৰতো শস্য় খাই, গচকি বিনষ্ট কৰে।

বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান উমৰাংছুবাসী

অতি কষ্টৰে কৰা খেতি লক্ষ্মী পূজাৰ দিনাই হাতীয়ে তহিলং কৰাত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকে। খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকটোৱে বহু সময় ধৰি উপদ্ৰৱ চলোৱাৰ পিছত পুনৰ বনাঞ্চললৈ উভতি যায়। বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

লগতে পঢ়ক:শুকুৰবাৰে সম্পন্ন আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক

ABOUT THE AUTHOR

...view details