অসম

assam

By

Published : Oct 12, 2019, 11:13 PM IST

ETV Bharat / state

আজিও অপৰিৱৰ্তিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ অৱস্থাঃ সন্ধান নাই অভিযন্তা সহ চাৰিজনৰ

উমৰাংছু কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত পাইপ লাইন বিস্ফোৰণৰ 6 দিন পাৰ হোৱাৰ পিছতো অপৰিৱৰ্তিত অৱস্থাত প্ৰকল্পস্থলী ৷ নিপকোৰ অভিযন্তাসহ চাৰিজন কৰ্মীৰ আজিলৈকে কোনো সন্ধান উলিয়াব পৰা নাই কৰ্তৃপক্ষই ।

অপৰিৱৰ্তিত অৱস্থাত কপিলী জলবিদ্যুৎ প্ৰকল্প


ডিমা হাছাও ১২ অক্টোবৰঃউমৰাংছু কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত পাইপ লাইন বিস্ফোৰণৰ 6 দিন পাৰ হৈ যোৱাৰ পাছতো প্ৰকল্পটোলৈ ওভতি অহা স্বাভাৱিক অৱস্থা ৷ জলবিস্ফোৰণত সন্ধানহীন হোৱা নিপকোৰ অভিযন্তাসহ চাৰিজন কৰ্মচাৰীৰ আজি পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে ৷

ইতিমধ্যে ব্যক্তিকেইজনৰ পানীৰ ঢৌৰ মাজত আৱদ্ধ হৈ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ৷ শনিবাৰে কপিলী নদীৰ প্ৰকল্পস্থিৰ নিম্ন অংশত জলস্তৰ কিছু হ্ৰাস পাইছে যদিও সন্ধানহীন হোৱা ব্যক্তি কেইজনক উদ্ধাৰৰ বাবে আজিও অভিযান চলাব নোৱাৰিলে উদ্ধাৰ অভিযানত নিয়োজিত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ৷ পানীৰ স্তৰ আৰু কিছু পৰিমাণে হ্ৰাস পালেহে উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা যাব বুলি নিপকো কৰ্তৃপক্ষই জানিবলৈ দিছে ।

ইফালে কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত দুৰ্ঘটনাৰ বাবে নিপকো কৰ্তৃপক্ষক দায়ী কৰিছে ডিমাছা ষ্টুডেন্টস ইউনিয়ন ও কাৰ্বি ষ্টুডেন্টস এছোচিয়েচনকে ধৰি বিভিন্ন দল সংগঠনে ৷ যোৱা ৭ অক্টোবৰত সংগঠিত এই দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে বিভিন্ন দল সংগঠনে । আনহাতে নিপকো কৰ্তৃপক্ষই জনোৱা মতে ২০০৮ পৰা কপিলী নৈৰ পানীত ছালফিউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পোৱাৰ কাৰণে প্ৰকল্পটো ক্ষতিগ্ৰস্ত হৈছে ।

অপৰিৱৰ্তিত অৱস্থাত কপিলী জলবিদ্যুৎ প্ৰকল্প

আৰু পঢ়ক

ABOUT THE AUTHOR

...view details