অসম

assam

ETV Bharat / state

উমৰাংচুত অব্যাহত উত্তেজনাঃ এতিয়াও সন্ধানহীন অভিযন্তাসহ চাৰিজন - এনডিআৰএফ

উমৰাংচুত জলবিস্ফোৰণৰ ফলত পানীৰ সোঁতত উটি যোৱা চাৰিজন লোক এতিয়াও সন্ধানহীন হৈ আছে । সমগ্ৰ অঞ্চলটোত এতিয়াও কমা নাই পানীৰ স্তৰ ।

কপিলী জলবিদ্যুৎ প্ৰকল্প

By

Published : Oct 9, 2019, 6:25 PM IST

Updated : Oct 9, 2019, 6:35 PM IST

ডিমা হাচাও, 9 অক্টোবৰঃ উমৰাংচুত সংঘটিত হোৱা জলবিস্ফোৰণৰ ফলত বৰ্তমানেও সন্ধানহীন হৈ আছে চাৰিগৰাকীকৈ লোক ৷ বৰ্তমানেও অঞ্চলটোত কমা নাই জলস্তৰ ৷ নিপকোৰ পাৱাৰ হাউচৰ লগতে বহুকেইটা ঘৰ এতিয়াও পানীৰ তলতে আছে ৷

বান্ধৰ তিনিখনকৈ গেট ইতিমধ্যেই মুকলি কৰি দিয়া হৈছে ৷ কিন্তু পানীৰ স্তৰলৈ লক্ষ্য কৰি কপিলী নৈৰ নিম্নস্তৰত যিকোনো মুহূৰ্ততে ভয়ংকৰ জলপ্ৰলয় হোৱাৰ আংশকা কৰা হৈছে ৷

ঘটনাস্থলীৰ দৃশ্য

অধিক পঢ়কঃ উমৰাংচো কপিলী পাৱাৰ হাউচত বৃহৎ অঘটনঃ এজন অভিযন্তা সহ চাৰিজন সন্ধানহীন

উল্লেখ্য যে, প্ৰকল্পটো মেৰামতিৰ বাবে 200 কোটিৰ অনুদান দাবী কৰিছিল কেন্দ্ৰীয় চৰকাৰক ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নাছিল কোনো আৰ্থিক অনুদান ৷ যাৰ বাবে মেৰামতিৰ অভাৱত 2014 চনৰ পৰাই অৱহেলিত হৈ পৰি আছিল প্ৰকল্পটো ৷

7 তাৰিখ অৰ্থাৎ সোমবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা জলবিস্ফোৰণৰ ফলত সন্ধানহীন হৈছিল এগৰাকী অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰী ৷ কিন্তু ঘটনাৰ দুদিন পাচটো সন্ধান ওলোৱা নাই আটাইকেইগৰাকী কৰ্মচাৰীৰ ৷ ইতিমধ্যে ত্ৰিপুৰাৰ পৰা এন ডি আৰ এফ আৰু হোজাইৰ পৰা এছ ডি আৰ এফৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে ৷ আনহাতে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই বুধবাৰে ঘটনাস্থলী পৰিভ্ৰমণ কৰে ৷

Last Updated : Oct 9, 2019, 6:35 PM IST

ABOUT THE AUTHOR

...view details