ডিমা হাছাও, ১ জুলাই :বুধবাৰে মণিপুৰত সংঘটিত হয় ভয়ানক ভূমিস্খলৰ ঘটনা (Tragic landslide in Manipur) । বুধবাৰে সন্ধিয়া মণিপুৰৰ নোনি জিলাৰ টোপোল ৰে'ল ষ্টেচনৰ সমীপত ভূমিস্খলনৰ ফলত এটা ভাৰতীয় সেনাৰ শিবিৰ সম্পূৰ্ণভাৱে ধ্বংস হয় (Army camp destroyed in landslide in Manipur) । আনহাতে, মণিপুৰত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত সন্ধানহীন হৈ আছে ডিমা হাছাও জিলাৰ দুই সেনা জোৱান (Dima Hasao youth missing in Manipur landslide) ।
উল্লেখ্য, উক্ত শোকাবহ ভূমিস্খলনৰ ঘটনাত 107 টি এ আৰ্মীৰ 9 গৰাকী জোৱানে (9 Army died in Manipur landslide) ইতিমধ্যে অকাল মৃত্যুক সাবটি ল'বলগা হৈছে । আনহাতে, ভাৰতীয় সেনা জোৱানৰ লগতে মুঠ 54 গৰাকী লোক সন্ধানহীন হৈ আছে । উক্ত সন্ধানহীন ভাৰতীয় সেনা জোৱানসকলৰ মাজতে আছে ডিমা হাছাও জিলাৰ দুগৰাকী যুৱক । হাফলং আৰু উমৰাংচুৰ যুৱক দুগৰাকী উক্ত ভূমিস্খলনৰ ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে (9 Army died in Manipur landslide) ।