অসম

assam

ETV Bharat / state

জনশতাব্দীত এক্সপ্ৰেছৰ পৰা ড্ৰগছসহ আটক দুই সৰবৰাহকাৰী - Two person detained with drugs

বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ৷ প্ৰায় 75 লাখ টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে (Drug smuggling in Assam)৷ এটা ভেনিটি বেগত ১৪ টাকৈ চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত উদ্ধাৰ কৰা ড্ৰাগছ খিনিৰ ওজন ১৫৩ গ্ৰাম ।

two suppliers arrested with drugs in bokajan
two suppliers arrested with drugs in bokajan

By

Published : Jun 16, 2022, 11:55 AM IST

ডিফু,১৫ জুন :ৰাজ্য়জুৰি অব্য়াহত আছে ড্ৰাগছৰ বেহা (Drug smuggling in Assam) । আৰক্ষীৰ তালাচীৰ মাজতে ড্ৰাগছ সৰবৰাহকাৰীয়ে এই বেহা নিৰ্বিঘ্নে চলাই আছে । ইয়াৰ মাজতে বোকাজান ৰেলৱে আৰক্ষীয়ে বুধবাৰে বৃহৎ সাফল্য লাভ কৰে (Assam police against drugs)। বোকাজান আৰু সৰুপথাৰ ৰেলৱে ষ্টেচনৰ মাজভাগত এটা বিশেষ ৰেলৱে আৰক্ষীৰ দলে ড্ৰাগছ বিৰোধী অভিযান চলাই বুধবাৰে ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰে (Two person detained with drugs) ।

বোকাজান ৰেলৱে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুদ্ধ সিঙৰ এক গোপন খবৰৰ ভিত্তিত ৰেল আৰক্ষীয়ে এই অভিযান চলায় । বোকাজান আৰু সৰুপথাৰ ৰেলৱে ষ্টেচনৰ মাজভাগত ৰেল আৰক্ষীয়ে 12067 নম্বৰৰ উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছৰ এটা ডবাত এই অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰগছ জব্দ কৰে (Drugs Recovered in Janshatabdi Express) ।

ড্ৰাগছ বিৰোধী অভিযানকাৰী বিশেষ ৰেলৱে আৰক্ষীৰ দলটোৱে এই ঘটনাৰে জড়িত এগৰাকী নগা মহিলা আৰু এজন পুৰুষক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, এটা ভেনিটি বেগত ১৪ টাকৈ চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত উদ্ধাৰ কৰা ড্ৰাগছ খিনিৰ ওজন ১৫৩ গ্ৰাম । ৰেলৱে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 75 লাখ হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Dima Hasao Flood: পুনৰ বিধস্ত নিউ হাফলং ৰে’ল ষ্টেচন

For All Latest Updates

ABOUT THE AUTHOR

...view details